৫ লাখ ভোটৰ ব্যৱধানত লুৰীণজ্যোতি গগৈ পৰাজিত হ'ব: ভৱেশ কলিতা - Lok Sabha elections 2024 - PM NARENDRA MODI
🎬 Watch Now: Feature Video

Published : April 13, 2024 at 11:03 PM IST
গুৱাহাটী, ১৩ এপ্ৰিল: গৰু বিহুৰ দিনাই বিজেপিৰ বাবে এটা ভাল দিন । এজেপি, তৃণমূল কংগ্ৰেছ, কংগ্ৰেছৰ বহু নেতা-কৰ্মীৰ বিজেপিত যোগদান কৰা বুলি কয় ৰাজ্য়িক বিজেপিৰ সভাপতি ভৱেশ কলিতাই । তেওঁ কয় যে অহা ১৯ এপ্ৰিলত গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে মনোনয়ন পত্ৰ দাখিল কৰিব । ইয়াৰ পূৰ্বে আজি পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় ।
ৰাজ্য়িক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয় যে ডিব্ৰুগড়ত ৫ লাখ ভোটৰ ব্যৱধানত লুৰীণজ্যোতি গগৈ পৰাজিত হ'ব । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৫ খনৰ আটাইকেইখন আসনেই বিজেপিয়ে লাভ কৰিব বুলি দাবী কৰি ৰাজ্য়িক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয়," এইবাৰ বিৰোধী বিহীন নিৰ্বাচন ।" তেওঁ কয় যে অহা ১৬ এপ্ৰিলত সন্ধিয়া গুৱাহাটীত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ১৭ এপ্ৰিলৰ পুৱা নলবাৰীত ৰেলীত অংশগ্ৰহণ কৰিব । অহা ১৮ এপ্ৰিলত অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা । ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে কোকৰাঝাৰৰ ইউপিপিএল প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ মনোনয়ন পৰ্বত উপস্থিত থাকিব ।
লগতে পঢ়ক:লোকসভা নিৰ্বাচনৰ পিচতে সালসলনি হ’ব মন্ত্ৰীসভাৰ :মুখ্যমন্ত্ৰীৰ ঘোষণা - Reshuffle Of Assam Cabinet