ETV Bharat / politics

লোকসভা নিৰ্বাচনৰ পিচতে সালসলনি হ’ব মন্ত্ৰীসভাৰ :মুখ্যমন্ত্ৰীৰ ঘোষণা - Reshuffle Of Assam Cabinet

author img

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 7:36 PM IST

RESHUFFLE OF ASSAM CABINET
মন্ত্ৰীসভাৰ ব্যাপক পৰিৱৰ্তনৰ ইংগিত মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ মন্ত্ৰীসভাৰ ব্যাপক পৰিৱৰ্তনৰ ইংগিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ লোকসভা নিৰ্বাচনৰ পিচতেই মন্ত্ৰীসভাৰ সালসলনি হ’ব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ৷

সালসলনি হ’ব মন্ত্ৰীসভা, মুখ্যমন্ত্ৰীৰ ঘোষণা

নলবাৰী, 13 এপ্ৰিল : লোকসভা নিৰ্বাচনৰ পিচতে সালসলনি হ’ব ৰাজ্যৰ মন্ত্ৰীসভাৰ ৷ এই বিষয়ে শনিবাৰে নলবাৰীত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ কেৱল পৰিৱৰ্তনেই নহয়, মন্ত্ৰীসভাৰ সম্প্ৰসাৰণো হ’ব বুলি কয় মুখ্যমন্ত্ৰীজনে ৷ 2026 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি লগতে লোকসভা নিৰ্বাচনৰ পিচত মন্ত্ৰীসভাত প্ৰতিনিধিত্ববিহীন হৈ যোৱাৰ সম্ভাৱনা থকা বৰাক উপত্যকাৰ বাবে এই সালসলনি কৰা হ’ব বুলি ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

মন্ত্ৰীসভাৰ সালসলনি সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়- " লোকসভা নিৰ্বাচনৰ পিচতে মন্ত্ৰীসভাৰ সালসলনি হ’ব ৷ কাৰণ আমাৰ এজন মন্ত্ৰীয়ে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে ৷ তেওঁ সাংসদ হোৱাৰ পিচত তেওঁৰ স্থান খালী হ’ব ৷ বৰাক উপত্যকা প্ৰতিনিধিত্ববিহীন হৈ যাব ৷ গতিকে বৰাকক প্ৰতিনিধিত্ব দিব লাগিব ৷ 2026 চনলৈ টীম বনাব লাগিব ৷ গতিকে কেৱল পৰিৱৰ্তনেই নহয়, ব্যাপক পৰিৱৰ্তন হ’ব ৷"

2021 চনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আন 13 জন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিছিল ৷ য'ত বিজেপিৰ 10 জন বিধায়ক ক্ৰমে ৰণজিৎ কুমাৰ দাস, চন্দ্ৰমোহন পাটোৱাৰী, পৰিমল শুক্লবৈদ্য, ৰণোজ পেগু, অশোক সিংহল, যোগেন মহন, সঞ্জয় কিষাণ, অজন্তা নেওগ, পীযুষ হাজৰীকা আৰু বিমল বড়া; 2 জন অগপৰ বিধায়ক ক্ৰমে অতুল বৰা আৰু কেশৱ মহন্ত আৰু এজন ইউ পি পি এলৰ বিধায়ক উৰ্খাও গৌৰা ব্ৰহ্ম ৷ আনহাতে 2022 চনৰ 9 জুনত বিজেপিৰ দুগৰাকী বিধায়ক নন্দিতা গাৰ্লোছা আৰু জয়ন্ত মল্লবৰুৱাৰ অন্তৰ্ভূক্তিৰে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটিছিল ৷

উল্লেখ্য যে, শনিবাৰে প্ৰধানমন্ত্ৰীৰ জনসভাথলীৰ প্ৰস্ততিৰ পৰ্যবেক্ষণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰকুৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বোধন কৰিব লগা সভাথলীৰ সকলো পৰ্যবেক্ষণ কৰি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত লোকসভা নিৰ্বাচনৰ পিচতে মন্ত্ৰীসভাৰ সালসলনি কৰাৰ কথা কয় মুখ্যমন্ত্ৰীয়ে ৷

লগতে পঢ়ক : গৰু বিহুৰ দিনাও নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মুখ্যমন্ত্ৰী - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.