নিৰ্বাচনৰ প্ৰাকক্ষণত খোৱাঙত জব্দ লক্ষাধিক টকা - Lok sabha election 2024

By ETV Bharat Assamese Team

Published : Apr 3, 2024, 11:54 AM IST

thumbnail

মৰাণ, 3 এপ্ৰিল: খোৱাং দুলীয়াত নিৰ্বাচন আয়োগৰ অভিযানত জব্দ হ'ল 3 লাখ 51 হাজাৰ টকা ৷ লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতেই দেশজুৰি বলৱৎ হ'ল নিৰ্বাচনী বিধি । দেশজুৰি নিৰ্বাচনী বিধি বলৱৎ হোৱাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাখনতো দিনে নিশাই প্ৰশাসনে আৰম্ভ কৰিছে তালাচী অভিযান ।

এই অভিযান চলি থকাৰ মাজতে ডিব্ৰুগড়ৰ খোৱাং দুলীয়াত নিৰ্বাচন আয়োগৰ অভিযানত জব্দ কৰা হয় 3 লাখ 51 হাজাৰ টকা । দুলীয়াবামৰ ফেক্টৰীৰ সমীপত বিকাশ শইকীয়া নামৰ লোকজনৰ পৰা টকাখিনি জব্দ কৰা হয় । SST য়ে ইতিমধ্যে টকাখিনি নিজৰ জিম্মাত লৈছে । 

আনহাতে, টিংখাং নিগম নিবাসী লোকজনে বৃহৎ পৰিমাণৰ ধনখিনি দোকানৰ বজাৰ কৰিবলৈ খোৱাঙলৈ লৈ আনিছিল বুলি জানিবলৈ দিছে ।

লগতে পঢ়ক: যোৰহাটত টকাৰ উজান; যুৱক আটক - Large amount of money recover

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.