গণতন্ত্ৰৰ সৰ্ববৃহৎ উৎসৱ 'নিৰ্বাচন': আইতা আহিল ভোট দিবলৈ - LOK SABHA ELECTION 2024

By ETV Bharat Assamese Team

Published : May 7, 2024, 3:32 PM IST

thumbnail
আইতা আহিল ভোট দিবলৈ (ETV BHARAT ASSAM)

বঙাইগাঁও, 7 মে’: গণতন্ত্ৰৰ সৰ্ববৃহৎ উৎসৱ 'নিৰ্বাচন'ত অংশগ্ৰহণ কৰিবলৈ ওলাই আহিল অশীতিপৰ বৃদ্ধাৰ লগতে বিশেষভাৱে সক্ষম মহিলা ৷ সচেতন নাগৰিকৰ পৰিচয়ৰে লাখুটিত ভৰ দি ভোটকেন্দ্ৰত আহি উপস্থিত হ’ল এগৰাকী আশী বছৰীয়া বৃদ্ধা ৷ বঙাইগাঁও জিলাত দেখা গৈছে এই দৃশ্য ৷

প্ৰতিকূল বতৰকো নেওচি ওলাই আহে আইতাগৰাকী ৷ লগতে আন এক দৃশ্যত দেখা গ’ল বঙাইগাঁও পলিটেকনিকৰ ওচৰত বিশেষভাৱে সক্ষম এগৰাকী মহিলা ওলাই আহি ভোটাধিকাৰ সাব্যস্ত কৰে ৷ ভোটদান কৰি যথেষ্ঠ পৰিমাণে উৎসাহী হোৱা দেখা যায় মহিলাগৰাকীক ৷

উল্লেখ্য যে, দিনৰ 1 বজালৈ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ অসমৰ সমষ্টিভিত্তিক হাৰ হৈছে 45.88 % ৷ চাৰিটা সমষ্টিত ভোটদানৰ হাৰ ক্ৰমে গুৱাহাটী 42.13 %, ধুবুৰী 47.73 %, কোকৰাঝাৰ 46.43 % আৰু বৰপেটা 46.83 % হোৱা জানিব পৰা গৈছে ৷

লগতে পঢ়ক: চাৰিটা সমষ্টিৰ ৪৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব 81,49,091 গৰাকী ভোটাৰে - LOK SABHA ELECTION 2024

ধাৰ কৰি বৰ বেছি দিন চৰকাৰ চলাব নোৱাৰি : অশোক শৰ্মা - LOK SABHA ELECTION 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.