ভূপেন বৰাৰ কিবা এটা সমস্য়া হৈছে :পীযুষ হাজৰীকা - Lok Sabha elections 2024 - LOK SABHA ELECTIONS 2024

🎬 Watch Now: Feature Video

thumbnail
মন্ত্ৰী পীযুষ হাজৰীকা (undefined)

By ETV Bharat Assamese Team

Published : April 9, 2024 at 9:22 PM IST

1 Min Read
Choose ETV Bharat

মাজুলী, ৯এপ্ৰিল : "কংগ্ৰেছ নাইকীয়া হৈ গৈ আছে । নিৰ্বাচনলৈ মাজত কেইটামান দিন আছে । তেতিয়ালৈকে কংগ্ৰেছ দল নাথাকিবই ।" এই মন্তব্য় মন্ত্ৰী পীযুষ হাজৰীকাৰ । আজি তেওঁ মাজুলীৰ বনগাঁৱত অনুষ্ঠিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত এইদৰে কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে । এই সভাতেই কংগ্ৰেছৰ উপ-সভাপতি শংকৰ জ্যোতি হাজৰিকা,অসম জাতীয় পৰিষদৰ সহ-সাধাৰণ সম্পাদক বিধান মুদৈসহ জিলা কংগ্ৰেছৰ কেইবাগৰাকী নেতাই বিজেপিত যোগদান কৰে ।  

জিলাখনৰ ভকত চাপৰি পদুমনিবাসী ৰাইজে খহনীয়া প্ৰতিৰোধ নকৰিলে ভোট বৰ্জন কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছিল । মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয়,"নিৰ্বাচনৰ পাচতে আমি তেওঁলোকৰ দাবীসমূহ পূৰণ কৰিম । খহনীয়া প্রতিৰোধৰ কাম কৰিম । তেওঁলোকে ভোট বৰ্জন কৰিব নালাগে । উন্নয়নৰ বাবে বিজেপি দলক ভোট প্ৰদান কৰক। "

ইপিনে,অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক সমালোচনা কৰি কয়,"ভূপেন বৰাৰ কিবা এটা সমস্য়া হৈছে । তেওঁৰ ছ'ডিয়াম,পটাছিয়াম,ছুগাৰ বাঢ়িছে । সেই বাবে তেওঁ ভাৰসাম্য়হীন হৈ যি কোনো কথা কৈছে । তেওঁ ডাক্তৰক দেখুৱালে ভাল । তেওঁ কংগ্ৰেছ দলটো ৰাখিব পাৰিব নাই সেইটো লক্ষ্য় ৰাখক ।" 

লগতে পঢ়ক:কংগ্ৰেছত অব্যাহত খহনীয়া, কেবাজনো নেতাই এৰিছে দল - Assam Congress Leaders Join BJP

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details