ভূপেন বৰাৰ কিবা এটা সমস্য়া হৈছে :পীযুষ হাজৰীকা - Lok Sabha elections 2024

By ETV Bharat Assamese Team

Published : Apr 9, 2024, 9:22 PM IST

thumbnail

মাজুলী, ৯এপ্ৰিল : "কংগ্ৰেছ নাইকীয়া হৈ গৈ আছে । নিৰ্বাচনলৈ মাজত কেইটামান দিন আছে । তেতিয়ালৈকে কংগ্ৰেছ দল নাথাকিবই ।" এই মন্তব্য় মন্ত্ৰী পীযুষ হাজৰীকাৰ । আজি তেওঁ মাজুলীৰ বনগাঁৱত অনুষ্ঠিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত এইদৰে কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে । এই সভাতেই কংগ্ৰেছৰ উপ-সভাপতি শংকৰ জ্যোতি হাজৰিকা,অসম জাতীয় পৰিষদৰ সহ-সাধাৰণ সম্পাদক বিধান মুদৈসহ জিলা কংগ্ৰেছৰ কেইবাগৰাকী নেতাই বিজেপিত যোগদান কৰে ।  

জিলাখনৰ ভকত চাপৰি পদুমনিবাসী ৰাইজে খহনীয়া প্ৰতিৰোধ নকৰিলে ভোট বৰ্জন কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছিল । মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয়,"নিৰ্বাচনৰ পাচতে আমি তেওঁলোকৰ দাবীসমূহ পূৰণ কৰিম । খহনীয়া প্রতিৰোধৰ কাম কৰিম । তেওঁলোকে ভোট বৰ্জন কৰিব নালাগে । উন্নয়নৰ বাবে বিজেপি দলক ভোট প্ৰদান কৰক। "

ইপিনে,অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক সমালোচনা কৰি কয়,"ভূপেন বৰাৰ কিবা এটা সমস্য়া হৈছে । তেওঁৰ ছ'ডিয়াম,পটাছিয়াম,ছুগাৰ বাঢ়িছে । সেই বাবে তেওঁ ভাৰসাম্য়হীন হৈ যি কোনো কথা কৈছে । তেওঁ ডাক্তৰক দেখুৱালে ভাল । তেওঁ কংগ্ৰেছ দলটো ৰাখিব পাৰিব নাই সেইটো লক্ষ্য় ৰাখক ।" 

লগতে পঢ়ক:কংগ্ৰেছত অব্যাহত খহনীয়া, কেবাজনো নেতাই এৰিছে দল - Assam Congress Leaders Join BJP

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.