বিহুৰ সময়ত নিৰ্বাচন অনুষ্ঠিত হ'লে ব্যৱসায়ত প্ৰভাৱ পৰাৰ শংকা ক্ষুদ্ৰ ব্যৱসায়ীৰ

By ETV Bharat Assamese Team

Published : Mar 17, 2024, 8:42 AM IST

thumbnail

গুৱাহাটী, ১৬ গুৱাহাটী : শনিবাৰে ঘোষণা কৰা হয় লোকসভা নিৰ্বাচনৰ সূচী । শনিবাৰে তিনি বজাত সংবাদমেলযোগে নিৰ্বাচন আয়োগে ঘোষণা কৰে নিৰ্বাচনী সূচী । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰঙালী বিহুৰ পূৰ্বে লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পোষকতা কৰিছিল । বিপৰীতে মহানগৰীৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলে ৰঙালী বিহুৰ পিছত নিৰ্বাচন হোৱাটো পোষকতা কৰে । ফাঁচী বজাৰৰ একাংশ ব্যৱসায়ীয়ে নিৰ্বাচন বিহুৰ পিছত হোৱাটো পোষকতা কৰে ।  

কিয়নো এইবাৰ ঈদ আৰু বিহু আশে পাশে অনুষ্ঠিত হ'ব । বিহুৰ সময়ছোৱাত ব্যৱসায় ভাল হয় । যদি সেই সময়ছোৱাত নিৰ্বাচন অনুষ্ঠিত কৰে তেতিয়া ব্যৱসায়ত প্ৰভাৱ পৰিব বুলি শংকা প্ৰকাশ কৰে ব্যৱসায়ীসকলে । তেওঁলোকে কয় যে অনলাইন বজাৰৰ ফলত ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ মাজত গুৰুতৰ প্ৰভাৱ পৰিছে । সাম্প্ৰতিক সময়ত ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ব্যৱসায়ত মন্দাৱস্থা দেখা গৈছে । বিহুৰ সময়ত যদি নিৰ্বাচন অনুষ্ঠিত হয় তেন্তে সকলো নিৰ্বাচনত ব্যস্ত হৈ পৰিব । ইয়াৰ প্ৰভাৱ ব্যৱসায়ত পৰিব বুলি মন্তব্য কৰে ক্ষুদ্ৰ ব্যৱসায়ীসকলে ।  

লগতে পঢ়ক: লোকসভা নিৰ্বাচনৰ দিন ঘোষণা, দেশজুৰি 7 টা পৰ্যায়ত ভোটগ্ৰহণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.