চাপৰমুখত পৰিত্য়ক্ত ঘৰত নৰকংকাল উদ্ধাৰ হোৱাক লৈ তীব্ৰ চাঞ্চল্য

By ETV Bharat Assamese Team

Published : Mar 15, 2024, 10:19 PM IST

thumbnail

ৰহা,১৫ মাৰ্চ: ৰহাৰ চাপৰমুখত চাঞ্চল্যকৰ ঘটনা । চাপৰমুখৰ ৰে'ল বিভাগৰ এটা পৰিত্যক্ত ঘৰত এটা নৰকংকাল উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । চাপৰমুখৰ লক'শ্বেদ কলনিৰ এটা পৰিত্যক্ত ৰে'লৱে গৃহত উদ্ধাৰ পুৰুষৰ মৃতদেহটো । জানিব পৰা মতে বটল বিচাৰি ফুৰা এটি কিশোৰে বটল বিচাৰি যাওঁতেই মৃতদেহটো প্ৰত্যক্ষ কৰে । পিচত কিশোৰটিয়ে স্থানীয় লোকক জনোৱাত স্থানীয় লোকে চাপৰমুখ ৰে'ল আৰক্ষীক খবৰ দিয়ে ।  

ৰে'ল আৰক্ষী ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে অচিনাক্ত নৰকংকালটো । লোকজনৰ কেনেকৈ মৃত্যু হ'ল বা কেতিয়াৰ পৰা এই মৃতদেহ এই স্থানত পৰি আছে তাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । ঘটনা সন্দৰ্ভত ৰে'ল আৰক্ষীয়ে ইতিমধ্যে অনুসন্ধান আৰম্ভ কৰিছে । 

লগতে পঢ়ক : মহানগৰীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ লিভ-ইন সম্পৰ্কত থকা যুৱতীৰ মৃতদেহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.