শিলসাঁকোৰ উচ্ছেদিতৰ প্ৰতিবাদ: এইবাৰ সময়সীমা বান্ধি দি মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ - অসম বিধান সভা অধিবেশন
🎬 Watch Now: Feature Video


Published : February 26, 2024 at 10:27 PM IST
গুৱাহাটী, 26 ফেব্ৰুৱাৰী : অসম বিধানসভাৰ অধিবেশনৰ অন্তিম দিনাও চচলত অব্যাহত থাকিল শিলসাঁকোত উচ্ছেদিতৰ তীব্ৰ প্ৰতিবাদ । অনিৰ্দিষ্টকালীন প্ৰতিবাদৰ সপ্তম দিনা মুখ্যমন্ত্ৰী হায় হায়, মাটি আমাক ঘূৰাই দিয়ক, বণিয়াৰ স্বাৰ্থত উচ্ছেদ নচলিব, অসমৰ মাটিত বণিয়াৰ নহয় থলুৱা অধিকাৰ নিশ্চিত কৰক, হয় আমাক পুনৰ সংস্থাপন দিয়ক নহ’লে উচ্ছেদস্থলীত আমাৰ নিজৰ মাটিত বহিবলৈ দিয়ক আদি শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে উচ্ছেদিতৰ পৰিয়ালে ।
অনিৰ্দিষ্টকালীন অৱস্থানৰ সপ্তম দিনাৰ কাৰ্যসূচীৰ অন্তত পুনৰ সংস্থাপনৰ সময়সীমা বান্ধি দি মুখ্যমন্ত্ৰীলৈ কেইবাদফীয়া দাবী সন্মিলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীয়ে । উল্লেখ্য যে, ইয়াৰ পূৰ্বেও বিভিন্ন কাৰ্যসূচীৰ যোগেদি মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰি আহিছে যদিও সোমবাৰে স্মাৰকপত্ৰখনক চৰম পত্ৰ হিচাবে অভিহিত কৰিছে শিলসাঁকোৰ পাৰৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজে ।
আজি প্ৰতিবাদৰ নেতৃত্ব দি উচ্ছেদিত ৰাইজৰ নেত্ৰী গায়ত্ৰী বড়িয়ে কয়, ‘গণতান্ত্ৰিক আন্দোলনৰ ভাষা নুবুজে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন চৰকাৰখনে । আমি সকলো হেৰুৱাইয়ো অতি কষ্টৰে ধৈৰ্যশীল হৈ আছো । আমাক অধৈৰ্য হ’বলৈ বাধ্য নকৰিব ৷ মুখ্যমন্ত্ৰী মহোদয়ে আমাক পুনৰ সংস্থাপন দিবনে ? নে আমি উচ্ছেদস্থলীত নিজৰ নিজৰ মাটিত বহি যাম ? আজিৰ প্ৰতিবাদৰ শেষত স্মাৰকপত্ৰ গ্ৰহণ কৰিবলৈ অহা বিষয়াৰ সৈতেও কথাৰ কটাকটি হয় প্ৰতিবাদকাৰীৰ ।
লগতে পঢ়ক : শিলসাঁকোৰ উচ্ছেদিতক পুনৰ সংস্থাপনৰ সিদ্ধান্ত নল’লে ভয়াৱহ প্ৰতিবাদৰ হুংকাৰ