সৰুপথাৰ-বোকাজানত কেন্দ্ৰীয়ভাৱে সতী সাধনী স্মৃতি দিৱস উদযাপন - Sati Sadhani Divas - SATI SADHANI DIVAS

🎬 Watch Now: Feature Video

thumbnail
সৰুপথাৰ-বোকাজানত সতী সাধনী স্মৃতি দিৱস (undefined)

By ETV Bharat Assamese Team

Published : April 20, 2024 at 8:55 PM IST

1 Min Read
Choose ETV Bharat

সৰুপথাৰ, ২০ এপ্ৰিল: আজি সতী সাধনী স্মৃতি দিৱস । ৰাজ্যৰ ঠায়ে ঠায়ে সুঁৱৰা হ’ল বীৰাংগনাক । প্ৰতি বছৰে ৭ ব’হাগত অসমৰ নাৰী সমাজৰ গৌৰৱ আৰু স্বাভিমানৰ প্ৰতীক সতী সাধনীক স্মৰণ কৰি সমগ্ৰ ৰাজ্যতে এই দিৱস পালন কৰা হয় ।

প্ৰতিকূল বতৰকো নেওচি সৰুপথাৰৰ লগতে বোকাজানতো কেন্দ্ৰীয়ভাৱে সাধনী দিৱস উদযাপন কৰা হয় । মুষলধাৰ বৰষুণকো নেওচি তৎস্বতেও বোকাজানৰ দিলাওজানত কেন্দ্ৰীয়ভাবে বৰ্ণাঢ্য কাৰ্যসূচীৰে বীৰাংগনা সতী সাধনী দিৱস উদযাপন কৰা দেখা পোৱা যায় ।

উল্লেখ্য যে সাহস, ধৈৰ্য, বীৰত্ব আৰু দেশ–জাতিৰ বাবে চৰম বলিদান দিয়া বীৰাংগনা সতী সাধনী আছিল চুতীয়া সাম্ৰাজ্যৰ শেষৰগৰাকী ৰাণী । ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত ধনশিৰি জিলা চুতীয়া জাতি সন্মিলন, চুতীয়া জাতি মহিলা সন্মিলন, চুতীয়া জাতি যুৱ সন্মিলনৰ সহযোগত ছেৱাগুৰি সতী সাধনী উদ্যানত অনুষ্টুপীয়াকৈ ৫০০ বছৰীয়া বীৰাংগনা সতী সাধনীৰ স্মৃতি দিৱস উদযাপন কৰা হয় ।

পতাকা উত্তোলন আৰু সতী সাধনীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণৰ লগতে বন্তি প্ৰজ্জ্বলন কাৰ্যসূচী ৰূপায়ণ কৰি স্মৃতি দিৱস উদযাপন কৰা হয় ।

লগতে পঢ়ক: ঢকুৱাখনাত বীৰাংগনা সতী সাধনী দিৱস ২০২৪ উদযাপন

ABOUT THE AUTHOR

...view details