ETV Bharat / state

ঢকুৱাখনাত বীৰাংগনা সতী সাধনী দিৱস ২০২৪ উদযাপন - Sati Sadhani diwas 2024

Sati Sadhani diwas 2024: ৰাজ্যবাসীয়ে সুঁৱৰিছে চুতীয়াসকলৰ বীৰাংগনা মহিয়সী নাৰী সতী সাধনীক ৷ পূৱ ঢকুৱাখনাৰ মদাৰগুৰি ৰাজহুৱা ৰঙ্গমঞ্চত আয়োজন কৰা হৈছে ৫০০ সংখ্যক বীৰাংগনা সতী সাধনী দিৱস ।

Sati Sadhani divas 2024
ঢকুৱাখনাত বীৰাংগনা সতী সাধনী দিৱস ২০২৪ উদযাপন
author img

By ETV Bharat Assamese Team

Published : April 20, 2024 at 7:17 PM IST

2 Min Read
Choose ETV Bharat
ঢকুৱাখনাত বীৰাংগনা সতী সাধনী দিৱস ২০২৪ উদযাপন

ঢকুৱাখনা,২০ এপ্ৰিল : আজি বীৰাংগনা সতী সাধনী দিৱস । এই পৱিত্ৰ দিনটোতে দেশপ্ৰেম আৰু আত্মবলিদানেৰে ইতিহাসৰ পৃষ্ঠাত চিৰযুগমীয়া হৈ ৰোৱা বীৰাংগনাগৰাকীক ৰাজ্যবাসীয়ে শ্ৰদ্ধাৰে স্মৰণ কৰিছে । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ঢকুৱাখনাতো বৰ্ণাঢ্য কাৰ্যসূচীৰে বীৰাংগনা সতী সাধনী দিৱস ২০২৪ উদযাপন কৰা হৈছে ।

পূৱ ঢকুৱাখনা আৰু হাৰ্হি আঞ্চলিক চুতীয়া জাতি সন্মিলনৰ আতিথ্যত ঢকুৱাখনা জিলা চুতীয়া জাতি মহিলা সন্মিলন, ঢকুৱাখনা জিলা চুতীয়া যুৱ সম্মিলন আৰু ঢকুৱাখনা মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ সহযোগত ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ উদ্যোগত পূৱ ঢকুৱাখনাৰ মদাৰগুৰি ৰাজহুৱা ৰঙ্গমঞ্চত আয়োজন কৰা হয় ৫০০ সংখ্যক বীৰাংগনা সতী সাধনী দিৱস ।

কাৰ্যসূচী অনুসৰি পুৱাই চাফাই অভিযান, বৃক্ষৰোপণ, পতাকা উত্তোলনৰ পিচতে সাধনীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে চুতীয়া উন্নয়ন পৰিষদৰ সদস্যা ৰূপাঞ্জলী চুতীয়াই । তাৰ পিচতে দেওকুবেৰ পূজা অনুষ্ঠিত হয় । মঞ্চ আৰু সাংস্কৃতিক অনুষ্ঠান উদ্বোধনৰ পিচতে ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ সভাপতি দিব্য খনিকৰৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা ।

সভাত সদৌ অসম চুতীয়া জাতি সন্মিলনৰ উপদেষ্টা তুলসী প্ৰসাদ শইকীয়া, নিৰ্দিষ্ট বক্তা হিচাপে ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ বুধিন বৰুৱা, এনচিডি কলেজৰ অধ্যক্ষ ড৹ সুৰজিৎ দলে, অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰফুল্ল চুতীয়া, চুতীয়া মহিলা সন্মিলনৰ উপ সভানেত্ৰী কল্পনা সেনাপতি বৰুৱাকে ধৰি বহুকেইগৰাকী ব্যক্তিয়ে ভাষণ প্ৰদান কৰে ।

ইফালে বীৰাংগনা সতী সাধনী দিৱসৰ এই বিশেষ অনুষ্ঠানত বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হয় । বিশেষকৈ মহিলাসকলে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে । লগতে সতী সাধনীৰ আত্মবলিদানৰ বিষয়েও আলোচনা কৰা হয় ।

লগতে পঢ়ক :৭৯.২ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ লখিমপুৰ জিলাত - HSLC Result 2024