কলিয়াবৰত পথ দুৰ্ঘটনাত আহত দুধৰ্ষ গৰু চোৰ চিকিৎসাধীন

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 7:29 PM IST

thumbnail

কলিয়াবৰ, ১২ ফেব্ৰুৱাৰী: নগাঁও জিলাৰ কলিয়াবৰৰ ঘোঁৰাকাটিত দেওবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । নিশা প্ৰায় ১১ বজাত ৰৈ থকা ট্ৰাক এখনত খুন্দা মাৰে AS 02 AL 6656 নম্বৰৰ বিলাসী বাহনখনে । ইয়াৰ পিচতেই উক্ত ঘটনাস্থলীত উপস্থিয় হয় আৰক্ষী । আৰক্ষীয়ে আহত দুজন যুৱকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ আনে । ইয়ালৈকে সকলো ঠিকেই আছিল । চিকিৎসালয়ত ভৰ্তি কৰাৰ পাছতহে পোহৰলৈ আহে উৰহীৰ ওৰ ।

জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰোৱা গুলজাৰ হুছেইন আৰু ৰচিদুল হক নামৰ আহত দুয়োকে আৰক্ষীয়ে সোধা-পোছা কৰাত দুয়োটাই দুধৰ্ষ গৰু চোৰ বুলি নিশ্চিত হয় । ইতিমধ্যে আৰক্ষীৰ ম'ষ্ট ৱানটেড আছিল গুলজাৰ হুছেইন আৰু ৰচিদুল হক । আৰক্ষীয়ে উল্লেখ কৰা মতে, উজনিলৈ গৰু চোৰৰ বাবে গৈ থকা অৱস্থাতে এই  দুৰ্ঘটনাটো সংঘটিত হয় । অৱশ্য়ে বাহনখনত থকা আন এটা গৰু চোৰ ঘটনাস্থলীৰ পৰা পলায়ন কৰে । আৰক্ষীয়ে আহত দুই গৰু চোৰ যাতে পলাব নোৱাৰে তাৰ বাবে কটকটীয়া নিৰাপত্তা দিয়াৰ ব‍্যৱস্থা কৰিছে ।

লগতে পঢ়ক:নলবাৰীত গৰু চোৰৰ সন্দেহত ৰাইজৰ ৰোষত পাঁচ যুৱক, উত্তেজিত ৰাইজে জ্বলাই দিলে বাহন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.