নলবাৰীত গৰু চোৰৰ সন্দেহত ৰাইজৰ ৰোষত পাঁচ যুৱক, উত্তেজিত ৰাইজে জ্বলাই দিলে বাহন

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 10:00 AM IST

thumbnail

নলবাৰী, 30 জানুৱাৰী : সোমবাৰে নিশা নলবাৰীৰ দোকোহাত উত্তপ্ত পৰিস্থিতি । গৰু চোৰ কৰিবলৈ অহাৰ অভিযোগত ৰাইজে আটক কৰি প্ৰহাৰ কৰে পাঁচজনকৈ যুৱকক ৷ ৰাইজৰ অভিযোগ অনুসৰি, পাঁচ গৰু চোৰে এখন মাৰুতি চুইফট বাহনেৰে নিশাৰ ভাগত দোকোহাত গাঁৱত প্ৰৱেশ কৰিছিল ৷ সেয়ে বাহনখনত অহা পাঁচজনকৈ লোকক ৰাইজে কৰায়ত্ত কৰে ৷ তাৰ পাচতে গৰু চোৰৰ কৰিবলৈ অহাৰ অভিযোগেৰে ৰাইজে মাৰপিট কৰে পাঁচ যুৱকক ৷ লগতে উত্তেজিত ৰাইজে বাহনখনো জ্বলাই দিয়ে ৷ পাচত ইয়াৰে এজন যুৱক পলাই যাবলৈ সক্ষম হয় ৷

ইফালে, ৰাইজৰ আক্ৰমণত গুৰুতৰভাবে আহত হয় চাৰি যুৱক । পৰৱৰ্তী সময়ত ঘটনাস্থলীত নলবাৰী আৰক্ষী উপস্থিত হৈ ৰাইজৰ ৰোষৰ পৰা উদ্ধাৰ কৰে যুৱককেইজনক ৷ আহত চাৰি যুৱকক ইতিমধ্যে নলবাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । আটকাধীন যুৱককেইজন ক্ৰমে ৰাহুল, ৰিংকু, ইকৰাম আৰু নাজিম বুলি জানিব পৰা গৈছে ।

আনহাতে, ধৃত যুৱককেইজনে ৰাইজে কৰা গৰু চোৰৰ অভিযোগ নস্যাৎ কৰি অঞ্চলটোলৈ ফুৰিবলৈ অহা বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : ঘৰৰ ল’ৰা পুনৰ ঘৰলৈ উভতি আহিলো: অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.