ETV Bharat / state

ঘৰৰ ল’ৰা পুনৰ ঘৰলৈ উভতি আহিলো: অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

author img

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 7:57 PM IST

AGP joining program: "মোৰ কামৰ মূল্যায়ন যিদৰে কৰিব লাগিছিল তাৰ অভাৱ দেখি এই সিদ্ধান্ত ল’বলৈ বাধ্য হ’লো । গুণী লোকে কয়, য’ত তোমাৰ আস্থা-বিশ্বাস নাথাকে, মৰ্যাদা লাঘৱ হয় সেই স্থান ত্যাগ কৰা উচিত । ময়ো সেইটোৱে কৰিছো ৷" অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

AGP joining program
ঘৰৰ ল’ৰা পুনৰ ঘৰলৈ উভতি আহিলো- অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

ঘৰৰ ল’ৰা পুনৰ ঘৰলৈ উভতি আহিলো- অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

গুৱাহাটী, ২৯ জানুৱাৰী : "এৰি যোৱা ঘৰখনলৈ মই উভতি আহিছো ৷ স্বাভাৱিকতে মই যথেষ্ট উৎসাহিত, উৎফুল্লিত আৰু আনন্দিত ৷ মই আশাবাদী যে মই যিদৰে স্বদেশ আৰু স্বজাতিৰ কাৰণে বিগত সময়ছোৱাত দায়বদ্ধতাৰে কাম কৰি আহিছো, সেই সকলোবোৰ সুযোগ আৰু সুবিধা দলে যিধৰণে প্ৰদান কৰিব মই তেনেদৰেই কাম কৰি যাম ৷" সোমবাৰে অসম গণ পৰিষদত আনুষ্ঠানিকভাৱে যোগদান কৰি অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই এই মন্তব্য প্ৰকাশ কৰে ৷

কংগ্ৰেছে টিকট বেচা-কিনাৰ সন্দৰ্ভত তেওঁ কয়, "মই কিয়নো টিকট নাপালো ? যিমানেই কমিটমেণ্টৰ কথা নহওঁক কিয় কংগ্ৰেছত টিকট কিনা-বেচা হয়েই ৷ আমি সকলোবোৰ জনাৰ পিচতো এটা আশাবাদী মন লৈ কাম কৰি আছিলো ৷ দলটোৰ কোনোধৰণৰ পৰিকল্পনা নাই ৷ কোনো দূৰদৰ্শিতা নাই যে বিজেপি-এজিপিৰ মিত্ৰজোঁটৰ বিৰুদ্ধে কি কৌশল লৈ নিৰ্বাচন খেলিব ৷ কি পৰিকল্পনা লৈ আগবাঢ়িব তাৰ কোনো ৰ’ড মেপেই নাই ৷"

তেওঁ লগতে কয়, "মোৰ কামৰ মূল্যায়ন যিদৰে কৰিব লাগিছিল তাৰ অভাৱ দেখি এই সিদ্ধান্ত ল’বলৈ বাধ্য হ’লো । গুণী লোকে কয়, য’ত তোমাৰ আস্থা-বিশ্বাস নাথাকে, মৰ্যাদা লাঘৱ হয় সেই স্থান ত্যাগ কৰা উচিত । ময়ো সেইটোৱে কৰিছো ৷"

যোৱা 13 জানুৱাৰীৰ পুৱা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদকৰ লগতে প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই । ইয়াৰ পিচতে 29 জানুৱাৰীত গুৱাহাটীৰ আমবাৰীস্থিত অসম গণ পৰিষদৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক যোগদন সভাত পুনৰ অসম গণ পৰিষদত যোগদান কৰে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই । 2013 চনৰ 31 জুলাইত অগপ ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছিল অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই।

লগতে পঢ়ক: জাতিৰ প্ৰতাৰক দীপাংক কুমাৰ নাথ :আছু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.