ETV Bharat / state

জাতিৰ প্ৰতাৰক দীপাংক কুমাৰ নাথ :আছু

author img

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 5:16 PM IST

CAA implement and Dipanka Kr Nath joining BJP : ‘‘জাতিৰ গাদ্দাৰ দীপাংক কুমাৰ নাথ ৷ ব্ৰহ্মপুত্ৰৰ প্ৰবাল সোঁতত দীপাংক কুমাৰ নাথ এদিন বিলীন হৈ যাব ৷’’ এনেদৰেই একালৰ সতীৰ্থই ক্ষোভ উজাৰিছে দীপাংক কুমাৰ নাথৰ বিৰুদ্ধে ৷

Kaliabor news
সাত দিনৰ ভিতৰত দেশত বলৱৎ হ'ব CAA !

গৰজি উঠিছে সদৌ অসম ছাত্ৰ সন্থা

কলিয়াবৰ, 29 জানুৱাৰী : 'কা' বিৰোধী আন্দোলনৰ নেতা আৰু সদ্য বিজেপি সদস্য দীপাংক কুমাৰ নাথৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা । মুকলি পথাৰৰ পৰাই 'কা' আৰু দীপাংক কুমাৰ নাথৰ বিৰুদ্ধে ছাত্ৰ সন্থাই দিলে হুংকাৰ । 'কা' বলবৎ হ'লেই চৰকাৰ তীব্ৰ আন্দোলনৰ সন্মুখীন হ'ব । সাত দিনৰ ভিতৰত দেশত বলৱৎ হ’ব CAA ! পশ্চিম বংগত কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰৰ ঘোষণাৰ পাচতেই এতিয়া গৰজি উঠিছে সদৌ অসম ছাত্ৰ সন্থা ।

চুবুৰীয়া ৰাজ্যখনৰ ২৪ পৰাগনা জিলাৰ এক জনসভাত নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰাৰ গেৰাণ্টি দিয়াৰ লগে-লগে ৰাজ্যত সদৌ অসম ছাত্ৰ সন্থাই এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰে ৷ লগতে কোনো কাৰণতে এই বিতৰ্কিত আইন অসমত বলবৎ কৰিবলৈ দিয়া নহ'ব বুলিও জাঙুৰ খাই উঠিছে নগাঁও জিলা ছাত্ৰ সন্থাৰ সম্পাদক কংকন বৰুৱা । আনহাতে, আছুৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথৰ বিজেপি গমনক লৈ অসন্তুষ্টি প্ৰকাশ কৰি সম্পাদকগৰাকীয়ে কয় জাতিৰ 'গাদ্দাৰ'জনক কোনো কালে ক্ষমা কৰা নহ'ব ।

লগতে পঢ়ক : দীপাংক নাথৰ ফটোত প্ৰস্ৰাৱ কৰি ক্ষোভ উজাৰিলে একালৰ সতীৰ্থই

ইফালে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ সম্পাদকে প্লাৱন বৰায়ো দীপাংক কুমাৰ নাথ আৰু কা বলবৎ হোৱা প্ৰসংগত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ কয়, ‘‘ভৱিষ্যতে যেতিয়া ইতিহাসক প্ৰশ্ন কৰা হয় যে মিছলীয়া জাতীয়তাবাদ বুকুত লৈ ৰাষ্ট্ৰীয়তাবাদী ভাৱধাৰাক আকোঁৱালি লোৱা অভদ্ৰ ব্যক্তিজন কোন ? তেন্তে আমি উত্তৰত ক’ম দীপাংক কুমাৰ নাথ’’ ৷

প্লাৱন বৰাই আৰু কয়, ‘‘তেখেতে এদিন সদৌ অসম ছাত্ৰ সন্থাত থাকোঁতে কৈছিল ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতৰ দৰে সদৌ অসম ছাত্ৰ সন্থা আদি আৰু অনন্ত কাললৈ বৈ থাকিব ৷ কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ এজন সক্ৰিয় কৰ্মী হিচাবে কৈছো যে সেই প্ৰবাল সোঁতত দীপাংক কুমাৰ নাথ বিলীন হৈ যাব লাগিব’’ ৷

লগতে পঢ়ক : এসপ্তাহৰ ভিতৰত বংগকে ধৰি সমগ্ৰ দেশতে কা' কাৰ্যকৰী হ'ব: শান্তনু ঠাকুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.