ETV Bharat / politics

দীপাংক নাথৰ ফটোত প্ৰস্ৰাৱ কৰি ক্ষোভ উজাৰিলে একালৰ সতীৰ্থই - ajp vs BJP

দীপাংক কুমাৰ নাথ জাতিৰ গাড্ডাৰ, মাতৃভাষাৰ গাড্ডাৰ, জাতিক বিশ্বাসঘাটক কৰা মানুহ বুলি ক্ষোভ উজাৰিলে একালৰ সতীৰ্থ তথা অজাপৰ সাধাৰণ সম্পাদক ৰাজু ফুকনে ৷ জাতিৰ গাড্ডাৰবোৰ ক’লৈকো ওলাব নোৱাৰা এটা পৰিবেশৰ সৃষ্টি কৰাৰ বাবে জনতাক আহ্বান জনায় ফুকনে ৷

AJP Raju Phukan reacts on Dipanka Kumar Nath joining BJP
অজাপৰ সাধাৰণ সম্পাদক ৰাজু ফুকন
author img

By ETV Bharat Assamese Team

Published : January 29, 2024 at 10:27 AM IST

2 Min Read
অজাপৰ সাধাৰণ সম্পাদক ৰাজু ফুকন

মৰাণ, 29 জানুৱাৰী: সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথে বিজেপিত যোগদান কৰাক লৈ সৃষ্টি হৈছে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ । কা আন্দোলনক সন্মুখৰ পৰা নেতৃত্ব দি নতুন ৰাজনৈতিক দল অসম জাতীয় পৰিষদ গঠন কৰাৰ ক্ষেত্ৰত মুখ্য ভূমিকাত অৱতীৰ্ণ হোৱা দীপাংক কুমাৰ নাথে বিজেপিত যোগদান কৰাৰ পিচতে প্ৰাক্তন আছু নেতাজনক কঠোৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে ।

আছুৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথৰ বিজেপিত যোগদান সন্দৰ্ভত প্ৰাক্তন আছু নেতা তথা অসম জাতীয় পৰিষদৰ বৰ্তমানৰ সাধাৰণ সম্পাদক ৰাজু ফুকনে ক্ষোভ উজাৰিছে । একালৰ সতীৰ্থ দীপাংক নাথৰ প্ৰতিচ্ছবিত প্ৰস্ৰাৱ কৰি ক্ষোভ প্ৰকাশ কৰে ৰাজু ফুকনে ।

মৰাণত উপস্থিত হৈ অসম জাতীয় পৰিষদৰ বৰ্তমানৰ সাধাৰণ সম্পাদক ৰাজু ফুকনে দীপাংক কুমাৰ নাথৰ বিজেপিত যোগদান সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "দীপাংক কুমাৰ নাথ জাতিৰ গাড্ডাৰ, মাতৃভাষাৰ গাড্ডাৰ, জাতিক বিশ্বাসঘাটকতা কৰা মানুহ । কা আন্দোলনৰ পাছতেই অসমৰ ৰাইজে বিকল্প ৰাজনৈতিক দল বিচৰাৰ কথা কৈ নতুন দল গঠন কৰিবলৈ উৎসাহিত কৰিছিল দীপাংক কুমাৰ নাথে । সেই সময়ৰ আছুৰ কেন্দ্ৰীয় নেতা চিত্তৰঞ্জন বসুমতাৰীৰ লগতে ৰাজু ফুকনক আছু ত্যাগ কৰি অসম জাতীয় পৰিষদৰ নেতৃত্ব ল'বলৈ আহ্বান জনাই পৰৱৰ্তী সময়ত দীপাংক কুমাৰ নাথে নিজেই দলত যোগদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু দীৰ্ঘদিন যিটো দলৰ বিৰোধীতা কৰি আহিছিল আজি সেই বিজেপি দলত যোগদান কৰিছে নাথে ৷"

উল্লেখ কৰা প্ৰয়োজন যে, প্ৰাক্তন আছু নেতাজনে বিজেপিত যোগদান কৰাৰ পিচত বিভিন্ন দল-সংগঠনে নেতাজনক ধিক্কাৰ দিয়া পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: গেৰুৱা টুপী পিন্ধিয়েই বিজেপিৰ ছত্রছাঁয়াত জাতিৰ সুৰক্ষা বিচাৰি পালে দীপাংক নাথে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.