জোনাইত অগ্নিকাণ্ডত সৰ্বস্ব জাহ যোৱা পৰিয়ালক এদিনতে ৰাইজে সাজি দিলে গৃহ - Helping hand of public

By ETV Bharat Assamese Team

Published : Apr 14, 2024, 3:57 PM IST

thumbnail

জোনাই, ১৪ এপ্ৰিল: ৰাইজে নখ জোকাৰিলে নৈ বয়। এই আপ্ত বাক্যশাৰী বাস্তৱত ৰূপায়িত কৰিলে জোনাইৰ চিগা অসমীয়া গাঁৱৰ ৰাইজে । উল্লেখযোগ্য যে শুক্ৰবাৰে পুৱতি নিশা জোনাইৰ চিগা অসমীয়া গাঁৱৰ নিপুণ পেগু নামৰ লোকজনৰ বাসগৃহত অগ্নিকাণ্ড সংঘটিত হয় । এই অগ্নিকাণ্ডত এটা ধানভৰ্তি ভঁৰালৰ লগতে বাসগৃহ ভস্মীভূত হয় । ফলত এই অগ্নিকাণ্ডত পৰিয়ালটোৰ বহু প্ৰয়োজনীয় নথি-পত্ৰৰ লগতে ২০ লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত ভস্মীভূত হোৱাত গৃহহীন হৈ পৰিছে পৰিয়ালটো ।  

এই ঘটনাৰ পিচতে পৰিয়ালটোক গাঁওখনৰ ৰাইজ ওলাই আহি সহায়ৰ হাত আগবঢ়ায় । হাতে হাতে দা-কুঠাৰ লৈ গাঁৱখনৰ ৰাইজে গৃহহীন হৈ পৰা পৰিয়ালটোৰ বাবে একেদিনাই সাজি উলিয়ালে এটা ঘৰ। অকল বাসস্থানই নহয়,দুৰ্ভগীয়া পৰিয়ালটোলৈ গাঁওখনৰ প্ৰতিটো পৰিয়ালে আগবঢ়ালে বিভিন্ন সামগ্ৰীৰ লগতে অন্ন-বস্ত্ৰ আদি। গাঁৱবাসী ৰাইজৰ এনে মহানুভবতাই যান্ত্ৰিকতাৰ যুগতো যে মানৱীয়তা জীয়াই আছে তাকে পুনৰ প্ৰমাণ কৰিলে ।

লগতে পঢ়ক:ক্ষেত্ৰীত পাহাৰীয়া জুৰিত ভেটা দি গৰুক গা ধুৱালে ডিমৰীয়া কাৰ্বিয়ে - RONGALI BIHU 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.