উচ্ছেদ চলাই সম্প্ৰসাৰণ হ’বলৈ নিদিয়ে পবিতৰা: মায়ঙত উত্তাল প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 7:33 PM IST

thumbnail

মৰিগাঁও, 6 মাৰ্চ: বিশ্ববিশ্ৰুত এশিঙীয়া গঁড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্য মুখৰিত হ’ল স্থানীয় ৰাইজৰ প্ৰতিবাদত  ৷ উচ্ছেদৰ জাননী লাভ কৰাৰ পিচতে প্ৰতিবাদমুখৰ হ’ল ৰাইজ ৷

উল্লেখ্য যে ১৯৭১ চনতে জাগীৰোডৰ সমীপৰ মায়ঙৰ পবিতৰাক অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল । সম্প্ৰতি অভয়াৰণ্যখন ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰৰ অন্যতম আকৰ্ষণ । এই পবিতৰাৰ গাতে লাগি থকা মায়ঙৰ খিলঞ্জীয়া ভূমিপুত্ৰ কৃষিজীৱি বাসিন্দাসকল এতিয়া চিন্তিত হৈ পৰিছে ৷

জানিব পৰা মতে পবিতৰা অভয়াৰণ্যখন সম্প্ৰসাৰণ কৰাৰ নামত এতিয়া প্ৰায় ১০ খন গাঁৱলৈ আহিছে উচ্ছেদৰ জাননী । যিটো মানি ল’ব পৰা নাই খিলঞ্জীয়া ৰাইজে । ইয়াকে লৈ বুধবাৰে মায়ং বৰদিয়াৰ এক ৰাজহুৱা স্থানত আটাইকেইখন গাঁৱৰ বাসিন্দা লগ হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । চৰকাৰক এই উচ্ছেদৰ সিদ্ধান্ত অনতি পলমে বাতিল কৰিবলৈ আহ্বান জনোৱাৰ লগতে বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

উক্ত নিৰ্দেশনা বাতিল নকৰিলে ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ গঢ়ি তোলা হ'ব বুলিও হুংকাৰ দিয়ে প্ৰতিবাদকাৰী তথা স্থানীয় সহস্ৰাধিক কৃষকে ।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰীক আদৰিবলৈ কেনেদৰে সাজু হৈছে কাজিৰঙা ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.