CAA ৰ বিৰোধিতাৰে পুনৰ আছুৰ সংগ্ৰামৰ পোষকতা

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 3:00 PM IST

thumbnail

মৰাণ,২৯ ফেব্ৰুৱাৰী: লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশজুৰি পুনৰ নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰিবলৈ তৎপৰ হৈছে কেন্দ্ৰীয় চৰকাৰ । লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে বিতৰ্কিত নাগৰিকত্ব (সংশোধনী) আইনৰ আচৰণ বিধি প্ৰকাশৰ ইংগিত প্ৰদান কৰাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৰাজ্যত । কেন্দ্ৰীয় চৰকাৰে CAA বলৱৎ কৰিব বুলি ঘোষণা কৰা সময়তে পুনৰ ৰাজ্যৰ দল-সংগঠন সমূহ গৰজি উঠিছে ।  

সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি অৱনী কুমাৰ গগৈয়ে বৃহস্পতিবাৰে সাংবাদ মাধ্যমৰ আগত কয় যে, আছুৱে ন্যায়ালয়ত আইনীভাৱে সংগ্ৰাম অব্যাহত ৰাখিছে আৰু ৰাজপথৰ সংগ্ৰামৰ বাবেও আছু সাজু আছে । সভাপতি গগৈয়ে নিৰ্বাচনৰ সময়ত ধৰ্মক লৈ ৰাজনীতি কৰা লগতে বিজেপি চৰকাৰে প্ৰলোভনৰ ৰাজনীতি কৰা বুলি উল্লেখ কৰি বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে ।  

লগতে পঢ়ক: অসম বন্ধ আহ্বান কৰিলেই ১৬৪৩ কোটি টকাৰ ক্ষতিপূৰণ: সতৰ্কবাণী আৰক্ষী সঞ্চালক প্ৰধানৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.