ETV Bharat / state

অসম বন্ধ আহ্বান কৰিলেই ১৬৪৩ কোটি টকাৰ ক্ষতিপূৰণ: সতৰ্কবাণী আৰক্ষী সঞ্চালক প্ৰধানৰ

author img

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 1:26 PM IST

DGP G P Singh's special post: অসম বন্ধ দিয়া সকলৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে কৰিলে এক বিশেষ পোষ্ট । অসম বন্ধ দিয়া সকলে ভৰিব লাগিব ১৬৪৩ কোটি টকা । কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰাৰ বাবে সাজু হোৱাৰ সময়তে জিপি সিঙৰ এই সকিয়নীয়ে বহন কৰিছে বিশেষ তাৎপৰ্য ।

DGP G P Singh made a special post in view of the bandh
অসম বন্ধ দিয়া সকলে ভৰিব লাগিব ১৬৪৩ কোটি টকা

গুৱাহাটী,২৯ ফেব্ৰুৱাৰী: কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' বলৱৎ কৰাৰ বাবে সাজু হোৱাৰ সময়তে ৰাজ্যত পুনৰ আন্দোলনৰ পৰিৱেশে গা কৰি উঠিছে । বিভিন্ন দল-সংগঠনে আন্দোলনৰ হুংকাৰ দিছে । ইফালে কংগ্ৰেছৰ নেতৃত্বত ১৬টা বিৰোধী ৰাজনৈতিক দলৰে গঠিত বিৰোধী ঐক্য মঞ্চই 'কা' বলৱৎ হোৱাৰ পিছদিনাই অসম বন্ধকে ধৰি সচিবালয় ঘেৰাৰ উপৰি বহু কেইটা কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

বুধবাৰে বিৰোধী ঐক্য মঞ্চৰ গুৱাহাটীত হোৱা বৈঠকৰ পাছতে 'কা' বিৰোধী আন্দোলনৰ ঘোষণা কৰা হয় । বিৰোধী ঐক্য মঞ্চই অসম বন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণৰ পাছতে বৃহস্পতিবাৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে বিশেষ সতৰ্কবাণী শুনায় । সামাজিক মাধ্যম যোগে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে এক প্ৰকাৰৰ সকিয়নী প্ৰদান কৰে ।

সামাজিক মাধ্যম যোগে তেওঁ কয় যে অসম বন্ধৰ আহ্বান কৰিলে ভৰিব লাগিব ১৬৪৩ কোটি টকাৰ ক্ষতিপূৰণ । তেওঁ বন্ধৰ আহ্বান দিয়া সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া এক ৰায়দানৰ প্ৰসংগৰে ২০২২ চনৰ ১৯ জুনত কৰা এটা টুইটৰ প্ৰসংগৰে আজিৰ টুইটতো কৰে । টুইটাৰত তেওঁ কয় যে WP(C) 7570/2013ৰ আধাৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে ২০১৯ চনৰ ১৯ মাৰ্চত দিয়া নিৰ্দেশ অনুসৰি বন্ধ আহ্বান আৰু বন্ধ আহ্বান কৰাসকলৰ দায়িত্ব আৰু জবাবদিহিতা সম্পৰ্কে ২০২২ চনৰ জুন মাহৰ মোৰ পোষ্টটোৰ পুনৰাবৃত্তি কৰিলো ।

কোৱা বাহুল্য যে অসমৰ জি এছ ডি পি Gross State Domestic Product) ৫,৬৫,৪০১ কোটি টকা নিৰ্ধাৰণ কৰিলে এদিনৰ বন্ধৰ পৰা হোৱা লোকচান প্ৰায় ১৬৪৩ কোটি টকা হ’ব । ন্যায়ালয় নিৰ্দেশ অনুসৰি যিসকলে পূৰ্বতে উল্লেখ কৰা আদেশৰ ৩৫(৯) অনুচ্ছেদ অনুসৰি এনে বন্ধৰ আহ্বান জনোৱাসকলৰ পৰা এই ধন আদায় কৰিব পৰা যাব । তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাও সংযোগ কৰে ।

উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি আজি বিৰোধী ঐক্য মঞ্চই আজি ৰাজ্যপালক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰে । বিৰোধী ঐক্য মঞ্চই অসমত কা বলবৎ হোৱাৰ দিনাই 'বন্ধ' ঘোষণা কৰা হ'ব বুলি হুংকাৰ দিয়াৰ পাছতে আজি জি পি সিঙে সকিয়নীমূলক এই পোষ্টটো দিয়ে । উল্লেখ্য যে ২০১৯ চনত 'কা' বিৰোধী আন্দোলনৰ ফলত সমগ্ৰ ৰাজ্য উত্তপ্ত হৈ পৰিছিল । ৰক্তাক্ত হৈছিল ৰাজপথ । যাৰ বাবে এইবাৰ আৰক্ষীয়ে বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: ৮ মাৰ্চত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আলহী হ’ব প্ৰধানমন্ত্ৰী মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.