প্ৰসংগ কামাখ্যাৰ শপত: পীযুষ হাজৰীকাক কবিতাৰে প্ৰত্যুত্তৰ প্ৰদ্যুৎ বৰদলৈৰ - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 21, 2024, 11:01 PM IST

thumbnail

নগাঁও, 21 এপ্ৰিল:  প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদানৰ বাবে যোগাযোগ কৰা নাছিল বুলি কামাখ্যাত শপত খোৱাৰ প্ৰত্যাহ্বান জনাইছিল মন্ত্ৰী পীষুষ হাজৰীকাই ৷ সেই প্ৰসংগত সাংসদ তথা লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীগৰাকীয়ে কবিতাৰে প্ৰত্যুত্তৰ দিলে পীযুষ হাজৰীকাক ।

সাংসদ বৰদলৈয়ে কয় যে মিছা অভিযোগৰ উত্তৰ দিবলৈ তেওঁ কামাখ্যাৰ শপত নাখায় । মুছলমানক গালি পৰা বিজেপিয়ে এতিয়া মুছলমানৰ ভোট বিচাৰি ফুৰিছে বুলি মন্তব্য কৰে প্ৰদ্যুৎ বৰদলৈয়ে ।

আনহাতে বসুন্ধৰাৰ অধীনত কোনো এজন মুছলমানে ভুমিপট্টা লাভ নকৰাৰো অভিযোগ প্ৰদ্যুৎ বৰদলৈৰ । সংবাদ মাধ্যমৰ সন্মুখত প্ৰদ্যুৎ বৰদলৈয়ে কয় যে ঘনাই ঘনাই ৰং সলনি কৰিব পাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । বিজেপিত এতিয়া আৰক্ষীৰ পৰা বাচিবলৈ একাংশ অপৰাধীয়ে যোগদান কৰা বুলিও কটাক্ষ কৰে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ ।

লগতে পঢ়ক: প্ৰসংগ বিজেপিত যোগাযোগ: কামাখ্যাত শপত খাবলৈ প্ৰদ্যুৎ বৰদলৈক প্ৰত্যাহ্বান মন্ত্ৰী পীযুষৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.