পথ নে পুখুৰী ধৰিব নোৱাৰা পানেৰী সমষ্টিৰ এটি পথ - Pathetic road condition of Road

By ETV Bharat Assamese Team

Published : Mar 31, 2024, 1:57 PM IST

thumbnail

ওদালগুৰি,৩১ মাৰ্চ: এটা বিশেষ পথ । পথটোৰে মানুহৰ যাতায়তৰ লগতে আছে হাঁহ চৰিব পৰা সুবিধা । পথৰ মাজতে আছে হাঁহে খেলিব পৰা পানী । অতি জৰাজীৰ্ণ পথেৰে অহা-যোৱা কৰে ওদালগুৰিৰ এটা অঞ্চলৰ ৰাইজে । ইমানৰ পাচতো কাণসাৰ নাই জনপ্ৰতিনিধিৰ । শীঘ্ৰেই পথ নিৰ্মাণৰ দাবী স্থানীয় লোকৰ ।

উল্লেখ্য যে, ওদালগুৰি জিলা ৬৪ নং পানেৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ১ নং টেংকী বস্তিৰ পৰা বাদলাপাৰা ডিমাকুছি সংযোগী পথটি বছৰ বছৰ ধৰি নিৰ্মাণ নকৰাৰ ফলত এতিয়া পথচাৰীয়ে যমৰ-যাতনা ভোগ কৰিবলগীয়া হৈছে । এজাক বৰষুণত বোকাময় পানীৰে উপচি পৰা পথটিত যান-বাহনৰ লগতে চাইকেল কিম্বা খোজকাঢ়িও অহা-যোৱাৰ বাবে অনুপযোগী হৈ পৰে ।

পথটিৰ মাজত থকা পুখুৰী সদৃশ গাঁতসমূহত এতিয়া হাঁহে বিচৰণ কৰে । নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ভোট বিচাৰি অহা নেতা জনপ্ৰতিনিধিসমূহে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে ৰাইজে । সেয়েহে অতি শীঘ্ৰেই পথ নিৰ্মাণৰ দাবী স্থানীয় লোকৰ । 

লগতে পঢ়ক: Jonai News: স্বচক্ষে নেদেখিলে অনুমান কৰিব নোৱাৰি উন্নয়নৰ স্তৰ !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.