ডিফুত দুই শতাধিক কংগ্ৰেছীৰ বিজেপিত যোগদান

By ETV Bharat Assamese Team

Published : Mar 14, 2024, 10:25 PM IST

thumbnail

ডিফু, ১৪ মাৰ্চ: লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা হোৱা নাই যদিও ৰাজনৈতিক দলসমূহৰ মাজত এতিয়া নিৰ্বাচনক লৈ উথপথপ লাগিছে ৷ শাসক বিজেপি আৰু বিৰোধী কংগ্ৰেছ দলে নিজ নিজ দলৰ প্ৰাৰ্থী ঘোষণা কৰাৰ পিচতে এতিয়া বিভিন্ন দলত আৰম্ভ হৈছে আয়াৰাম-গয়াৰামৰ ৰাজনীতি ৷

বৃহস্পতিবাৰে ডিফুস্থিত জিলা বিজেপি কাৰ্যালয়ত দুই শতাধিক লোকে বিজেপি দলত যোগদান কৰে ৷ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু ৬ নং ডিফু লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী অমৰছিং তিচ’ৰ উপস্থিতিত জিলা কংগ্ৰেছৰ সম্পাদক নিৰেন লাংথাছাৰ নেতৃত্বত উক্ত যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় ৷

যোগদান কাৰ্যসূচীত বিজেপি দলৰ প্ৰাৰ্থী অমৰছিং তিচ’ই এইবাৰ সমষ্টিটোৰ ৮ লাখ ভোটৰ ৫ লাখ ভোটেই বিজেপি দলে পাব বুলি দাবী কৰে ৷ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে নিৰ্বাচনৰ আগত এইদৰে কংগ্ৰেছ, APHLC আদি দলৰ পৰা প্ৰায় ৫০ হাজাৰ লোকে বিজেপি দলত যোগদান কৰিব বুলি কয় ৷ আনহাতে শনিবাৰে APHLC ৰ প্ৰায় এহেজাৰ লোকে বিজেপি দলত যোগ দিব বুলিও তেওঁ কয় ৷

লগতে পঢ়ক: ঐক্যমঞ্চৰ পৰা আঁতৰি তৃণমূল কংগ্ৰেছেও ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.