ভেটাপাৰাত তীব্ৰবেগী ডাম্পাৰে প্ৰাণ ল’লে স্কুটী আৰোহীৰ

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 10:52 PM IST

thumbnail

গুৱাহাটী, 22 ফেব্ৰুৱাৰী : মহানগৰীৰ ভেটাপাৰাত পথ দুৰ্ঘটনা ৷ বৃহস্পতিবাৰে বিয়লি সংঘটিত হয় এই দুৰ্ঘটনা ৷ এখন স্কুটী আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো ৷ তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত নিহত হয় স্কুটী আৰোহী জন ৷

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি AS 14 E 2218 নম্বৰৰ স্কুটীখনে হকী ষ্টেডিয়ামৰ পৰা ভেটাপাৰা অভিমুখে আহি আছিল ৷ তেনে সময়তে AS 01 LC 1944 নম্বৰৰ ভেটাপাৰাৰ পৰা হকী ষ্টেডিয়াম অভিমুখী তীব্ৰবেগী ডাম্পাৰ খনে মহতিয়াই লৈ যায় নৃপেন্দ্ৰ নাথ নামৰ লোকজনক ৷ লগে লগে স্থানীয় লোকে স্কুটী আৰোহীজনক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ৷ ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়ে ডাম্পাৰখনৰ চালকজনে পলায়ন কৰে ৷ দুৰ্ঘটনা সংঘটিত কৰা বাহনখন গুৱাহাটী পৌৰ নিগমৰ বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : পৰীক্ষাৰ আগদিনা ছুইচাইড নোট লিখি আত্মহনন ছাত্ৰৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.