প্ৰদ্যুৎ বৰদলৈৰ হৈ দলে-বলে অন্তিম প্ৰচাৰ কংগ্ৰেছৰ: তিনি গগৈয়ে দিলে সংগ - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 24, 2024, 5:10 PM IST

Updated : Apr 24, 2024, 5:36 PM IST

thumbnail
()

নগাঁও, ২৪ এপ্ৰিল: 26 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে বিশাল ৰেলীৰে নিৰ্বাচনী প্ৰচাৰৰ সামৰণি পেলায় কংগ্ৰেছে । বুধবাৰে কংগ্ৰেছৰ অন্তিম প্ৰচাৰত অংশগ্ৰহণ কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, উপ দলপতি ৰকিবুল হুছেইন, কংগ্ৰেছ নেতা গৌৰৱ গগৈ, বিৰোধী ঐক্যমঞ্চৰ নেতা লুৰীণজ্যোতি গগৈ আৰু অখিল গগৈয়ে । নগাঁও লোকসভা সমষ্টিত কংগ্ৰেছৰ অন্তিমখন নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি বিজেপিক কটাক্ষ কৰে ৰকিবুল হুছেইনৰ লগতে, লুৰীণজ্যোতি গগৈয়েও । এইবাৰ নিৰ্বাচনত গণতন্ত্ৰৰ জয় হ'ব বুলি দাবী কৰে গৌৰৱ গগৈয়ে ।  

প্ৰথমবাৰৰ প্ৰদ্যুৎ বৰদলৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰদ্যুৎ বৰদলৈক জয়ী কৰাবলৈ নগাঁওবাসীক আহ্বান জনায় গৌৰৱ গগৈয়ে । পদযাত্ৰাত অংশগ্ৰহণ কৰি নগাঁওবাসীৰ মৰম আৰু স্বতঃস্ফূৰ্ত সঁহাৰিত ভাষাহীন বুলি উল্লেখ কৰে প্ৰদ্যুৎ বৰদলৈয়ে । কংগ্ৰেছৰ অন্তিম পদযাত্ৰাত অংশগ্ৰহণ কৰি বিৰোধী উপ দলপতি তথা ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে মন্তব্য কৰে যে ওস্তাদৰ মাৰ শেষ ৰাতি । নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনাই পূৰ্বে বিজেপিলৈ যোৱা বহু নেতা কৰ্মী কংগ্ৰেছলৈ উভতি অহা বুলি দাবী কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ।

আনকি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক বিদায় দিয়াৰ উদ্দেশ্যে জনতাই বিজেপিক ভোট নিদিয়াৰ সংকল্প লোৱা বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে । নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ হৈ অন্তিম নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে বিজেপিৰ বিৰুদ্ধে কেবাটাও মন্তব্য কৰে । নগাঁৱত কংগ্ৰেছৰ ছুনামিত সকলো তছনছ হৈ পৰা বুলি মন্তব্য কৰে লুৰীণজ্যোতি গগৈয়ে । বিশেষকৈ নাগৰিকত্ব সংশোধনী আইনৰ প্ৰসংগ উল্লেখ কৰি বিজেপিক আক্ৰমণ কৰে লুৰীণজ্যোতি গগৈয়ে । কা জাপি দি অসমৰ জনতাক অন্যায় কৰা বুলি মন্তব্য কৰে লুৰীণজ্যোতি গগৈয়ে ।  

বিজেপি চৰকাৰে গণতন্ত্ৰৰ প্ৰতি ভাবুকি সৃষ্টি কৰাৰ কথা উল্লেখ কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা ঔষধলৈ মূল্যবৃদ্ধি কৰাৰ বিৰুদ্ধে এইবাৰ ৰাইজ একত্ৰিত হোৱা বুলিও মন্তব্য কৰে লুৰীণজ্যোতি গগৈয়ে । বিজেপি নেতাৰ কথাৰ কোনো দাম নাই বুলিও মন্তব্য কৰে লুৰীণজ্যোতি গগৈয়ে । দেশ তথা জাতি ৰক্ষা নোহোৱালৈকে যুঁজি থকাৰ কথাও উল্লেখ কৰে বিৰোধী ঐক্যমঞ্চৰ নেতাগৰাকীয়ে ।

বুধবাৰে নগাঁও চহৰত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ হৈ অন্তিম প্ৰচাৰত উলিওৱা পদযাত্ৰাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, উপ দলপতি ৰকিবুল হুছেইন, বিৰোধী ঐক্যমঞ্চৰ নেতা লুৰীণজ্যোতি গগৈ, অখিল গগৈ, বিধায়িকা শিবামনি বৰা, নগাঁৱৰ কংগ্ৰেছ নেতা মাণিক আলী, হাইদৰ আলী, ৰাইজৰ দলৰ নেতা মেহবুব মুক্তাৰসহ কেইবাগৰাকী নেতাৰ লগতে কেইবাসহস্ৰাধিক দলীয় কৰ্মী-সমৰ্থকে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: মাজবাটত মুখ্যমন্ত্ৰীয়ে চলালে প্ৰচাৰ : তুলাধূনা বিৰোধীক - Lok Sabha Election 2024

Last Updated : Apr 24, 2024, 5:36 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.