অসমত কোনো বিদেশী নাগৰিকক সংস্থাপিত কৰিবলৈ দিয়া নহ'ব: শংকৰজ্যোতি বৰুৱা - Chakma Hajong Issue

By ETV Bharat Assamese Team

Published : Apr 23, 2024, 8:39 PM IST

thumbnail
()

দুলীয়াজান,২৩ এপ্ৰিল: 'কা' বলৱৎ হ'লেও অসমলৈ কোনো লোক আহিব নোৱাৰে বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা সময়ত অৰুণাচলৰ লক্ষাধিক চাকমা-হাজঙক অসমত সংস্থাপিত কৰা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে সংবাদমেলত ৰাজহুৱা কৰে । কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ এই মন্তব্যৰ পাচতে ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । নিৰ্বাচনী প্ৰচাৰ সভাই সভাই মুখ্যমন্ত্ৰীগৰাকীয়ে 'কা' আন্দোলন কৰাসকলক কঠোৰ ভাষাৰে সমালোচনা কৰা পৰিলক্ষিত হৈছে । আনকি 'কা' আন্দোলন কৰা অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈক 'কা' আন্দোলনৰ পাঁচজন শ্বহীদৰ ওচৰত ক্ষমা খুজিবলৈ দাবী জনাইছিল ।  

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেবোৰ কথা কৈ থকা সময়ত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ মন্তব্যৰ পাচতে অৰুণাচলৰ চাকমা-হাজঙক অসমত সংস্থাপিত কৰা বিষয়ত মুখ্যমন্ত্ৰীক স্থিতি স্পষ্ট কৰিবলৈ দুলীয়াজানত আহ্বান জনালে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই । সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অৰুণাচলৰ চাকমা-হাজং সকলক লৈ কিৰেণ ৰিজিজুৱে যি মন্তব্য কৰিছে, সেই মন্তব্য়ই অসমীয়া মানুহৰ মনত আঘাত দিছে । অসম বিদেশী নাগৰিকৰ চৰণীয়া পথাৰ নহয় । অসমত কোনো বিদেশী নাগৰিকক সংস্থাপিত কৰিবলৈ দিয়া নহ'ব । কিৰেণ ৰিজিজুৰ মন্তব্যৰ পাচত যদি মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলি প্ৰত্যাহ্বান নজনাই তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব । 

লগতে পঢ়ক: চাকমা-হাজং শৰণাৰ্থী সংস্থাপন প্ৰসংগত দুই মেৰুত কিৰেণ ৰিজিজু-হিমন্ত বিশ্ব ! - Chakma Hajong Issue

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.