অসমত কোনো বিদেশী নাগৰিকক সংস্থাপিত কৰিবলৈ দিয়া নহ'ব: শংকৰজ্যোতি বৰুৱা - Chakma Hajong Issue - CHAKMA HAJONG ISSUE

🎬 Watch Now: Feature Video

thumbnail
চাকমা-হাজঙক অসমত সংস্থাপিত কৰা প্ৰসংগত শংকৰজ্যোতি বৰুৱা (undefined)

By ETV Bharat Assamese Team

Published : April 23, 2024 at 8:39 PM IST

1 Min Read
Choose ETV Bharat

দুলীয়াজান,২৩ এপ্ৰিল: 'কা' বলৱৎ হ'লেও অসমলৈ কোনো লোক আহিব নোৱাৰে বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা সময়ত অৰুণাচলৰ লক্ষাধিক চাকমা-হাজঙক অসমত সংস্থাপিত কৰা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে সংবাদমেলত ৰাজহুৱা কৰে । কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ এই মন্তব্যৰ পাচতে ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । নিৰ্বাচনী প্ৰচাৰ সভাই সভাই মুখ্যমন্ত্ৰীগৰাকীয়ে 'কা' আন্দোলন কৰাসকলক কঠোৰ ভাষাৰে সমালোচনা কৰা পৰিলক্ষিত হৈছে । আনকি 'কা' আন্দোলন কৰা অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈক 'কা' আন্দোলনৰ পাঁচজন শ্বহীদৰ ওচৰত ক্ষমা খুজিবলৈ দাবী জনাইছিল ।  

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেবোৰ কথা কৈ থকা সময়ত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ মন্তব্যৰ পাচতে অৰুণাচলৰ চাকমা-হাজঙক অসমত সংস্থাপিত কৰা বিষয়ত মুখ্যমন্ত্ৰীক স্থিতি স্পষ্ট কৰিবলৈ দুলীয়াজানত আহ্বান জনালে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই । সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অৰুণাচলৰ চাকমা-হাজং সকলক লৈ কিৰেণ ৰিজিজুৱে যি মন্তব্য কৰিছে, সেই মন্তব্য়ই অসমীয়া মানুহৰ মনত আঘাত দিছে । অসম বিদেশী নাগৰিকৰ চৰণীয়া পথাৰ নহয় । অসমত কোনো বিদেশী নাগৰিকক সংস্থাপিত কৰিবলৈ দিয়া নহ'ব । কিৰেণ ৰিজিজুৰ মন্তব্যৰ পাচত যদি মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলি প্ৰত্যাহ্বান নজনাই তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব । 

লগতে পঢ়ক: চাকমা-হাজং শৰণাৰ্থী সংস্থাপন প্ৰসংগত দুই মেৰুত কিৰেণ ৰিজিজু-হিমন্ত বিশ্ব ! - Chakma Hajong Issue

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details