শিৱসাগৰ বিশ্ববিদ্যালয়ত বিজ্ঞান দিৱস উদযাপন

By ETV Bharat Assamese Team

Published : Feb 28, 2024, 7:46 PM IST

thumbnail

শিৱসাগৰ, 28 ফেব্ৰুৱাৰী : আজি দেশজুৰি পালন কৰা ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস ৷ শিৱসাগৰ বিশ্ববিদ্যালয়ৰ (পূৰ্বৰ শিৱসাগৰ কলেজ) উদ্যোগত বুধবাৰে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি বিশ্ববিদ্যালয়খনৰ মাধৱ চন্দ্ৰ বেজবৰুৱাৰ প্ৰেক্ষাগৃহত "অমৃত কাল বিমৰ্শ-বিকশিত ভাৰত @ ২০৪৭" কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । 

এই কাৰ্যসূচীৰ মূল বিষয় আছিল বিকশিত ভাৰতৰ বাবে থলুৱা প্ৰযুক্তি । বিষয়বস্তু সন্দৰ্ভত পদ্মশ্ৰী উদ্ধৱ ভৰালীয়ে সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰে । তেওঁ নিজৰ ভাষণত সাধাৰণ মানুহৰ সাধাৰণ জ্ঞানৰ ব্যৱহাৰেই নতুন আবিষ্কাৰৰ প্ৰধান কাৰণ বুলি মত প্ৰকাশ কৰে । পৰিস্থিতি অনুসৰি নিজকে খাপ খুৱাই ল’ব পৰা মানুহৰ সন্মুখত কৃত্ৰিম বুদ্ধিমত্তাই সৃষ্টি কৰিব পৰা প্ৰত্যাহ্বানসমূহৰ কথা ভৰালীয়ে নিজৰ ভাষণত উল্লেখ কৰে । 

ভৰালীয়ে লগতে কয় যে, এই নতুন প্ৰযুক্তিৰ ব্যৱহাৰে বৈপ্লৱিক পৰিৱৰ্তন সম্ভৱ কৰিব পাৰে ।

লগতে পঢ়ক: ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ আলোচ্য বিষয়ত আলোকপাত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.