শিৱসাগৰ বিশ্ববিদ্যালয়ত বিজ্ঞান দিৱস উদযাপন - বিকশিত ভাৰত

🎬 Watch Now: Feature Video

thumbnail
শিৱসাগৰ বিশ্ববিদ্যালয়ত বিজ্ঞান দিৱস উদযাপন (undefined)

By ETV Bharat Assamese Team

Published : February 28, 2024 at 7:46 PM IST

1 Min Read
Choose ETV Bharat

শিৱসাগৰ, 28 ফেব্ৰুৱাৰী : আজি দেশজুৰি পালন কৰা ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস ৷ শিৱসাগৰ বিশ্ববিদ্যালয়ৰ (পূৰ্বৰ শিৱসাগৰ কলেজ) উদ্যোগত বুধবাৰে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি বিশ্ববিদ্যালয়খনৰ মাধৱ চন্দ্ৰ বেজবৰুৱাৰ প্ৰেক্ষাগৃহত "অমৃত কাল বিমৰ্শ-বিকশিত ভাৰত @ ২০৪৭" কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । 

এই কাৰ্যসূচীৰ মূল বিষয় আছিল বিকশিত ভাৰতৰ বাবে থলুৱা প্ৰযুক্তি । বিষয়বস্তু সন্দৰ্ভত পদ্মশ্ৰী উদ্ধৱ ভৰালীয়ে সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰে । তেওঁ নিজৰ ভাষণত সাধাৰণ মানুহৰ সাধাৰণ জ্ঞানৰ ব্যৱহাৰেই নতুন আবিষ্কাৰৰ প্ৰধান কাৰণ বুলি মত প্ৰকাশ কৰে । পৰিস্থিতি অনুসৰি নিজকে খাপ খুৱাই ল’ব পৰা মানুহৰ সন্মুখত কৃত্ৰিম বুদ্ধিমত্তাই সৃষ্টি কৰিব পৰা প্ৰত্যাহ্বানসমূহৰ কথা ভৰালীয়ে নিজৰ ভাষণত উল্লেখ কৰে । 

ভৰালীয়ে লগতে কয় যে, এই নতুন প্ৰযুক্তিৰ ব্যৱহাৰে বৈপ্লৱিক পৰিৱৰ্তন সম্ভৱ কৰিব পাৰে ।

লগতে পঢ়ক: ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ আলোচ্য বিষয়ত আলোকপাত

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details