কংগ্ৰেছৰ প্ৰাৰ্থীক পৰাভূত কৰিবৰ বাবেই AIUDFএ নগাঁৱত প্ৰাৰ্থিত্ব দিব: প্ৰদ্যুৎ বৰদলৈ

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 7:44 PM IST

thumbnail

ৰহা, 13 মাৰ্চ: নগাঁও লোকসভা সমষ্টিৰ পৰা পুনৰ টিকট লাভৰ পিচতে AIUDFৰ বিৰুদ্ধে সৰৱ হৈ পৰিল সাংসদ প্ৰদ্যুৎ বৰদলৈ ৷ ৰহাত এক অভিনন্দন অনুষ্ঠানত উপস্থিত হৈ বৰদলৈয়ে কয় যে AIUDF দলৰ দিল্লীত কোনো প্ৰাসংগিকতা নাই ৷ কেৱল কংগ্ৰেছ প্ৰাৰ্থীক হৰুৱাৰ স্বাৰ্থতে AIUDF নিৰ্বাচনত অৱতীৰ্ণ হয় ৷

বিজেপি আৰু AIUDF দুয়োটা দলক সাম্প্ৰদায়িক আখ্যা দিয়ে সাংসদ বৰদলৈয়ে ৷ তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ কথামতেই দলটোৱে উঠা-বহা কৰে । কংগ্ৰেছৰ প্ৰাৰ্থীক পৰাভূত কৰিবৰ বাবেই বিজেপিৰ লগত মিলি AIUDFএ নগাঁৱত প্ৰাৰ্থিত্ব দিব বুলি প্ৰদ্যুৎ বৰদলৈয়ে মন্তব্য কৰে ৷  

উল্লেখ্য যে কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব লৈ বুধবাৰে ৰহাত উপস্থিত হয় প্ৰদ্যুৎ বৰদলৈ ৷ সাংবাদিকৰ সন্মুখত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে কয় যে নগাঁৱৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰা এজন ওলমা ব্যক্তি ৷

লগতে পঢ়ক: বৰপেটা লোকসভা সমষ্টিত চি পি আই এমৰ প্ৰাৰ্থী হ'ব মনোৰঞ্জন তালুকদাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.