ডুমডুমাত চাৰিটাকৈ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন সাংসদ প্ৰদান বৰুৱাৰ

By ETV Bharat Assamese Team

Published : Mar 7, 2024, 9:52 PM IST

thumbnail

তিনিচুকীয়া, ৭ মাৰ্চ : বৃহস্পতিবাৰে তিনিচুকীয়া জিলাৰ ডুমডুমাত চাৰিটাকৈ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে সাংসদ প্ৰদান বৰুৱাই ৷ ডুমডুমা নগৰত এখন উদ্যান, জাৱৰ নিষ্কাশন প্ৰকল্প, ডুমডুমা নগৰলৈ আদৰণি তোৰণ আৰু গান্ধী মূৰ্তিৰ সমীপত ক্লক টাৱাৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে সাংসদগৰাকীয়ে ৷

অসম চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগ আৰু ডুমডুমা পৌৰসভাৰ সৌজ্যনত নিৰ্মাণ হ’ব প্ৰকল্পসমূহ ৷ প্ৰায় ৭কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া আধাৰশিলা অনুষ্ঠানত সাংসদগৰাকীৰ সৈতে ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাসহ বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷ ইফালে, উক্ত অনুষ্ঠানতেই নিৰ্বাচন সম্পৰ্কত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰি পূৰ্বতকৈ অধিক ভোটৰ ব্যৱধানত জয়ী হ’ব বুলি মন্তব্য কৰে লক্ষীমপুৰৰ সাংসদ প্ৰদান বৰুৱাই ৷ লগতে, ‘কা আমিয়েই আনিছো, ইয়াৰ ওপৰত ক’বলৈ একো নাই’ বুলি মন্তব্য কৰে তেওঁ ৷

লগতে পঢ়ক : সন্মুখত লোকসভা নিৰ্বাচন: অসমত এতিয়া জোৰদাৰ গতিত আধাৰশিলা স্থাপন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.