সন্মুখত লোকসভা নিৰ্বাচন: অসমত এতিয়া জোৰদাৰ গতিত আধাৰশিলা স্থাপন - MLA Ramendra Narayan Kalita

🎬 Watch Now: Feature Video

thumbnail
আধাৰশিলা স্থাপন (undefined)

By ETV Bharat Assamese Team

Published : March 6, 2024 at 10:15 PM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী, ৬ মাৰ্চ : লোকসভা নিৰ্বাচনৰ পূৰ্বে ব্যাপক ৰূপত আৰম্ভ হৈছে আধাৰশিলা স্থাপনৰ কাম । বুধবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ ২৪ নং ৱাৰ্ডটো কেইবাটাও স্থানত পথৰ আধাৰশিলা স্থাপন কৰা হয় । পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই প্ৰায় ১০ টাকৈ পথৰ আধাৰশিলা স্থাপন কৰে ।

মুখ্যমন্ত্ৰী নগৰীয়া পথ পকীকৰণ আঁচনিৰ উদ্যোগত আৰম্ভ কৰা হয় এই প্ৰকল্প । পাৰিষদ পুঁজিৰ প্ৰায় ৫ কোটি টকা ব্যয় সাপেক্ষে মুকলি কৰা হয় এই আধাৰশিলাৰ । এই কাৰ্যসূচীত উপস্থিত থাকি বিধায়ক গৰাকীয়ে লোকসভা নিৰ্বাচন সন্দৰ্ভত কয়, ‘কংগ্ৰেছে গুৱাহাটী লোকসভা সমষ্টিত যি প্ৰাৰ্থী নিদিয়ে কিয় আমাৰ চিন্তা কৰিবলগীয়া একো চিন্তা নাই । মুখ্যমন্ত্ৰীয়ে উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত কাম কৰিছে । শেহতীয়াকৈ পশ্চিম গুৱাহাটী সমষ্টিত কেইবাটাও বৃহৎ আঁচনিৰ ইতিমধ্যেই কাম কৰা হৈছে । আমি গুৱাহাটী লোকসভা সমষ্টিটো জটিল বুলি ভাবিব নোৱাৰো । আমাৰ লক্ষ্য হৈছে আমি যাতে প্ৰায় ৩/৪ লাখ ভোটত আমাৰ প্ৰাৰ্থী জয়ী কৰাব পাৰো । আমাৰ অগপ দলৰ প্ৰাৰ্থী তালিকা ক্ষেত্ৰত ইতিমধ্যেই লোকসভা সমষ্টিৰ অন্তৰ্গত জিলা সমিতি, বিধান পৰিষদসমূহৰ সৈতে আলোচনা কৰিছো । অহা ১০ মাৰ্চত আমি আমাৰ প্ৰাৰ্থী তালিকা আনুষ্ঠানিকভাৱে ঘোষণা কৰিম ।’

লগতে পঢ়ক : টীয়কত ৫ খন বিদ্যালয়ৰ আধাৰশিলা স্থাপন পীযুষ হাজৰীকাৰ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details