বহুবিবাহ সন্দৰ্ভত এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ বিস্ফোৰক মন্তব্য

By ETV Bharat Assamese Team

Published : Feb 13, 2024, 2:15 PM IST

thumbnail

বিলাসীপাৰা, ১৩ ফেব্ৰুৱাৰী : ইউচিচি সন্দৰ্ভত সাংসদ বদৰুদ্দিন আজমলৰ যৌন উত্তেজক মন্তব্য । অভিন্ন দেৱানী বিধি (ইউচিচি) আৰু অসম চৰকাৰৰ বহুবিবাহ নিষিদ্ধ বিধেয়ক সন্দৰ্ভত এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ তীব্ৰ প্ৰতিক্ৰিয়া । অভিন্ন দেৱানী বিধি প্ৰৱৰ্তন সন্দৰ্ভত বদৰুদ্দিন আজমলে মন্তব্য কৰে যে এআইইউডিএফে এই আইনৰ তীব্ৰ বিৰোধিতা কৰিব ।

আনহাতে, অসম চৰকাৰে উত্থাপন কৰিবলগা বহুবিবাহ নিষিদ্ধ বিধেয়ক সন্দৰ্ভত মৌলানা বদৰুদ্দিন আজমলে বিস্ফোৰক তথা বিতৰ্কিত মন্তব্য কৰে । বদৰুদ্দিন আজমলে মন্তব্য কৰে যে বহুবিবাহ কৰিব নালাগে বুলি ইছলাম ধৰ্মত ক'তো কোৱা হোৱা নাই । তাতোকৈ ডাঙৰ কথা, এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ বহুগামিতাক প্ৰৰোচিত কৰি বদৰুদ্দিন আজমলে উদ্ভট মন্তব্য কৰে যে কাৰোবাৰ যদি যৌন ক্ষুধা আৰু পত্নীৰ অক্ষমতাৰ সমস্যা থাকে তেনেহ'লে তেওঁ কি কৰিব ?

এই ক্ষেত্ৰত যদি তেওঁ বহু বিবাহ নকৰায় তেনেহ'লে তেওঁ বিপথগামী হ'ব পাৰে । তেনে ক্ষেত্ৰত তেওঁ পাপ কৰিব । সাংসদ আজমলৰ যুক্তি, কাৰোবাৰ যৌন ক্ষুধাৰ সমস্যা বেছি থাকিলে বহুবিবাহ কৰিব আৰু যদি প্ৰয়োজন নহয় তেন্তে বহুবিবাহ কৰোৱাৰ পৰা বিৰত থাকিব । বহুবিবাহৰ ক্ষেত্ৰত বদৰুদ্দিন আজমলৰ এই উদ্ভট মন্তব্যই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

ইফালে সমাগত লোকসভা নিৰ্বাচনক লৈও আজমলে একশ্যন প্লেন প্ৰস্তুত কৰিছে । এই সন্দৰ্ভত আজমলে দ্বিতীয়টো বিস্ফোৰণ ঘটাই কয়, নিৰ্বাচনৰ বতৰত কি কৰিলে আৰু কি ক'লে নিশা হিমন্ত বিশ্ব শৰ্মাৰ টোপনি নাহিব, এতিয়াৰে পৰা তাকেই কৰিব বদৰুদ্দিন আজমলে ।

লগতে পঢ়ক :উপ-ৰাষ্ট্ৰপতিৰ গুৱাহাটী ভ্রমণৰ বাবে মহানগৰীত পথ নিৰ্দেশনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.