কংগ্ৰেছ বিধায়কক কিয় পুনৰ এআইইউডিএফলৈ মাতিলে আজমলে ?

By ETV Bharat Assamese Team

Published : Feb 24, 2024, 10:09 AM IST

thumbnail

মাণিকপুৰ, 24 ফেব্ৰুৱাৰী: বঙাইগাঁও জিলাৰ বাশবাৰীত গৰাখহনীয়া পৰিদৰ্শন কৰি সাংসদ বদৰুদ্দিন আজমলে কংগ্ৰেছ বিধায়ক আব্দুল বাতেন খন্দকাৰক এআইইউডিএফ লৈ ঘূৰি অহাৰ আহ্বান জনায় ৷ শুকুৰবাৰে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল উপস্থিত হয় আই নদীৰ গৰাখহনীয়া প্ৰত্যক্ষ কৰাৰ উদ্দেশ্যৰে ।

উল্লেখ কৰা প্ৰয়োজন যে, আই নদীৰ গৰাখহনীয়াই মাণিকপুৰৰ বাশবাৰী অঞ্চলৰ কেইবাখনো গাঁও নিশ্চিহ্ন কৰি পেলাইছে ৷ বৰপেটাৰ সাংসদ আব্দুল খালেকে আই নদীৰ গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত বিশেষ একো ভূমিকা গ্ৰহণ কৰা নাই ৷  বিধায়ক আব্দুল বাতেন খন্দকাৰ আৰু সাংসদ আব্দুল খালেকৰ কামৰ সমালোচনা কৰি আজমলে ঘৰৰ ল’ৰা ঘৰলৈ ঘূৰি আহিবলৈ আহ্বান জনায় ৷

সাংসদ বদৰুদ্দিন আজমলে কয়, "ঘৰৰ ল’ৰা ঘৰলৈ ঘূৰি আহিব । কংগ্ৰেছ বিধায়ক আব্দুল বাতেন খন্দকাৰো ঘূৰি আহিব । কংগ্ৰেছৰ আন কেইবাজনো বিধায়ক এ আই ইউ ডি এফ লৈ আহিব  । আলোচনা চলি আছে ।"

লগতে পঢ়ক: এআইইউডিএফৰ সমৰ্থনত কংগ্ৰেছে সদন ত্যাগ কৰা কাৰ্যক নাটক বুলিলে সাংসদ আজমলে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.