এআইইউডিএফৰ সমৰ্থনত কংগ্ৰেছে সদন ত্যাগ কৰা কাৰ্যক নাটক বুলিলে সাংসদ আজমলে
Lok sabha Election2024: বৃহস্পতিবাৰে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ ডুমুৰীয়াত উপস্থিত হয় এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমল ৷ ডুমুৰীয়াত অনুষ্ঠিত হোৱা গণসমাৱেশত অংশগ্ৰহণ কৰি ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ প্ৰতি আক্ৰমণাত্মক হৈ পৰে ধুবুৰীৰ সাংসদগৰাকী ৷ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক দুগ্ধপোষ্য শিশু আখ্যা আজমলৰ ৷ বিৰোধী শক্তিশালী কৰি ৰখাৰ স্বাৰ্থত I.N.D.I.A. গোট ভাঙি চূৰমাৰ হৈ গ’লেও মিত্ৰজোঁটৰ প্ৰতি এআইইউডিএফৰ সমৰ্থন থাকিব বুলি মন্তব্য বদৰুদ্দিন আজমলৰ ।

Published : February 23, 2024 at 7:31 AM IST
বঙাইগাঁও, 23 ফেব্ৰুৱাৰী: বৃহস্পতিবাৰে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ ডুমুৰীয়াত উপস্থিত হয় এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমল ৷ ডুমুৰীয়াত অনুষ্ঠিত হোৱা গণসমাৱেশত অংশগ্ৰহণ কৰি ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ প্ৰতি আক্ৰমণাত্মক হৈ পৰে ধুবুৰীৰ সাংসদগৰাকী ৷
বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই শেহতীয়াকৈ প্ৰকাশ কৰা মন্তব্যৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আজমলে । দেৱব্ৰত শইকীয়াই মাতৃৰ কথা শুনি বিজেপিলৈ নাযায় বুলি কোৱা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আজমলে দেৱব্ৰত শইকীয়াৰ বিজেপিলৈ যোৱাৰ বাবে মন আছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ।
বিৰোধী দলপতিগৰাকীক দুগ্ধপোষ্য শিশু বুলি কটাক্ষ কৰি মাকে বাধা দিয়াত বিজেপিলৈ নাযায় বুলি কয় আজমলে । দেৱব্ৰত শইকীয়াই নিৰ্বাচনৰ পিচত বিজেপিলৈ যাব বুলিও উল্লেখ কৰে আজমলে । আজমলে পুনৰ কয়, "দেৱব্ৰত শইকীয়াহঁত একো একোটা বিজেপি, আৰ এছ এছ ৷ ৰাতি ৰাতি হিমন্ত বিশ্ব শৰ্মাৰ পৰা টকা লয় । তেওঁ কেনেকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যাব’’ ।
গৰুখুঁটি প্ৰকল্প সন্দৰ্ভত বিধানসভাত প্ৰশ্ন উত্থাপন কৰি এআইইউডিএফ দলৰ বিধায়ক আৰু কংগ্ৰেছৰ বিধায়কসকলে সদন ত্যাগ কৰা কাৰ্যক মন্ত্ৰী পীযুষ হাজৰীকাই এআইইউডিএফ আৰু কংগ্ৰেছ ভিতৰি মিল থকা বুলি আগবঢ়োৱা মন্তব্যৰ প্ৰতিক্ৰিয়া আগবঢ়ায় বদৰুদ্দিন আজমলে । আচলতে বিজেপি আৰু কংগ্ৰেছহে মিল আছে বুলি দাবী কৰে আজমলে । যাৰ বাবে প্ৰতিদিনে কংগ্ৰেছৰ বিধায়ক, নেতা বিজেপিলৈ গৈ আছে ।
আজমলে কয়, "বিজেপি আৰু কংগ্ৰেছৰ বুজাবুজি আছে । গৰুখুঁটি প্ৰকল্পৰ পৰা উচ্ছেদিত লোকৰ পক্ষত কংগ্ৰেছে একো কৰা নাই । আমিহে কৰিছো । কংগ্ৰেছে সংখ্যালঘু লোকৰ হৈ একো নকৰে ৷ সংখ্যালঘুৰ পক্ষত কাম কৰিলে হিন্দুৰ ভোট হেৰুৱাৰ ভয়ত একো নকৰে’’ ।
সদনত এআইইউডিএফৰ সমৰ্থনত কংগ্ৰেছে সদন ত্যাগ কৰা কাৰ্যক নাটক বুলি অভিহিত কৰে সাংসদ বদৰুদ্দিন আজমলে । সমাগত লোকসভা নিৰ্বাচনত আজমলে এনডিএক সমৰ্থন নকৰে ৷ সংবাদ মাধ্যমৰ আগত এই কথা স্পষ্ট কৰি দিয়ে সাংসদ গৰাকীয়ে ।
- " class="align-text-top noRightClick twitterSection" data="">
বিৰোধী শক্তিশালী কৰি ৰাখিবলৈ I.N.D.I.A. গোট ভাঙি চূৰমাৰ হৈ গ’লেও এই মিত্ৰজোঁটৰ প্ৰতি এআইইউডিএফৰ সমৰ্থন থাকিব বুলি মন্তব্য কৰে বদৰুদ্দিন আজমলে ।
লগতে পঢ়ক : গৰুখুঁটি প্ৰকল্পক লৈ বিৰোধীৰ সদন ত্যাগ

