ETV Bharat / state

গৰুখুঁটি প্ৰকল্পক লৈ বিৰোধীৰ সদন ত্যাগ

author img

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 1:04 PM IST

Garukhuti Project Row : ভেঁকোভাওনাত পৰিণত হৈছে অভিলাষী গৰুখুঁটি প্ৰকল্প ৷ গৰুখুঁটি কৃষি প্ৰকল্পত বিনিয়োগ 17 কোটি 52 লাখ টকা ৷ 2 কোটি 57 লাখ টকাহে উপাৰ্জন ৷

গৰুখুঁটি প্ৰকল্পক লৈ বিৰোধীৰ সদন ত্যাগ
গৰুখুঁটি প্ৰকল্পক লৈ বিৰোধীৰ সদন ত্যাগ
গৰুখুঁটি প্ৰকল্পক লৈ বিৰোধীৰ সদন ত্যাগ

গুৱাহাটী, ২১ ফেব্ৰুৱাৰী : গৰুখুঁটি প্ৰকল্পক লৈ বিধানসভাৰ মজিয়াত উত্তপ্ত পৰিস্থিতি । এই প্ৰকল্পৰ আয়-ব্যয় সন্দৰ্ভত তীব্ৰ বাক-বিতণ্ডাৰ অন্তত সদন ত্যাগ কৰে বিৰোধীয়ে ।

আনহাতে, সদনৰ মজিয়া ত্যাগ কৰাৰ পিছত এই সন্দৰ্ভত তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰে এআইইউডিএফ বিধায়ক আমিনুল ইছলামে । তেওঁ কয়, গৰুখুঁটি কৃষি প্ৰকল্পত চৰকাৰে বিনিয়োগ কৰিছে 17 কোটি 52 লাখ টকা ৷ কিন্তু বিগত দুটা বছৰত এই প্ৰকল্পটোৰ পৰা মাত্ৰ 2 কোটি 57 লাখহে উপাৰ্জন হৈছে ৷

একমাত্ৰ এটা জনগোষ্ঠীক লক্ষ্য কৰিবলৈয়ে গৰুখুঁটি প্ৰকল্পৰ নামত তাত 70-80 বছৰ ধৰি বাস কৰা লোকক উচ্ছেদ কৰা হৈছে বুলি চৰকাৰৰ বিৰুদ্ধে অভিযোগ কৰে এআইইউডিএফ বিধায়কগৰাকীয়ে ৷ লগতে তেওঁ শীঘ্ৰে গৰুখুঁটি প্ৰকল্প বন্ধ কৰাৰো দাবী উত্থাপন কৰে । উল্লেখ্য যে গৰুখুঁটি প্ৰকল্পৰ প্ৰশ্নোত্তৰ শিতানৰ পাছতে সদন ত্যাগ কৰে এআইইউডিএফে ৷

আনহাতে, গৰুখুঁটি প্ৰকল্পক লৈ কংগ্ৰেছেও চৰকাৰক তীব্ৰ সমালোচনা কৰে । গৰুখুঁটি প্ৰকল্পৰ নামত খৰচ কৰা প্ৰতিটো টকাৰ হিচাপ বিচাৰে কংগ্ৰেছে । আনহাতে, প্ৰকল্পৰ নামত উচ্ছেদিত সংখ্যালঘু লোকসকলৰ কি ব্যৱস্থা লোৱা হ'ব বুলি কংগ্ৰেছৰ হৈ প্ৰশ্ন কৰে বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই । লগতে বিধানসভাৰ প্ৰশ্নকালীন ঘণ্টা বয়কট কৰে বিৰোধীয়ে ।

ইয়াৰ উপৰি ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে কয় যে অসমত 11 লাখ ভুৱা কৃষকে পিএম কিষাণ আঁচনিৰ ধন লাভ কৰিছে ৷ আনহাতে, অখিল গগৈৰ চৰকাৰক কটাক্ষ, 17 কোটি খৰচ কৰি 2 কোটি অৰ্জন কৰা এনেকুৱা প্ৰকল্প পৃথিৱীত আৰু ক'তো নাই ৷

লগতে পঢ়ক :এবছৰত ৰাজ্যত নিবনুৱাৰ সংখ্যা বৃদ্ধি ১০ লাখ; অখিল গগৈয়ে দিলে তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.