কা বিৰোধী আন্দোলনৰ গোচৰত ডিব্ৰুগড় আদালতত বিধায়ক অখিল গগৈ

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 10:53 PM IST

thumbnail

মৰাণ, ২০ জানুৱাৰী: নাগৰিকত্ব সংশোধনী আইন দেশত কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ তৎপৰ হৈছে । কিন্তু এই আইন বিৰোধিতাৰে অসমত আন্দোলন কৰা সকলে আজিও আদালতৰ মজিয়াই মজিয়াই ঘুৰি ফুৰিব লগা হৈছে । বিশেষকৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে দীৰ্ঘ সময় ধৰি ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত অভিযুক্ত হৈ কাৰাগাৰত থকা পাছতো ৰাজ্যৰ বিভিন্ন জিলাৰ আদালতত তেওঁৰ বিৰুদ্ধে চলি আছে কা বিৰোধী আন্দোলনৰ গোচৰ ।  

কা বিৰোধী আন্দোলনৰ পাচৰে পৰাই ডিব্ৰুগড় আদালতত চলি থকা তিনিটা গোচৰ সন্দৰ্ভত নিয়মাফিক উপস্থিত হয় বিধায়ক অখিল গগৈ । আজিও 'কা' বিৰোধী আন্দোলনৰ গোচৰ সন্দৰ্ভত ডিব্ৰুগড় আদালতত উপস্থিত হয় ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ । শনিবাৰে আদালতত উপস্থিত হৈ বিধায়ক অখিল গগৈয় কয় যে ডিব্ৰুগড় আদালতত চলি থকা তিনিটা গোচৰ আজি মুখ্য ন্যায়িক দণ্ডাধীশ আদালতৰ পৰা চেছন ক’ৰ্টলৈ পঠিয়াই দিছে । আনহাতে, তেওঁ ডিব্ৰুগড় আদালতৰ সন্মুখত দলীয় কৰ্মী সকলৰ সৈতেও মত বিনিময় কৰে ।  

লগতে পঢ়ক:ঢকুৱাখনাত ৰাহুল গান্ধী, বিজেপিয়ে প্ৰলোভনেৰে মহিলাসকলক আঁতৰাই ৰখাৰ অভিযোগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.