মৰিগাঁৱৰ শিলপুখুৰীত নামঘৰত নিশা দুৰ্বৃত্তই কৰিলে অগ্নিসংযোগ

By ETV Bharat Assamese Team

Published : Mar 12, 2024, 6:37 PM IST

thumbnail

মৰিগাঁও, ১২ মাৰ্চ: ৰাজ্য়ৰ নামঘৰতো পৰিছে দুৰ্বৃত্তৰ কোপদৃষ্টি । গুৰুজনাৰ জন্মস্থান বটদ্ৰবাৰ নিচেই ওচৰতে অৱস্থিত মৰিগাঁও জিলাৰ অন্তৰ্গত শিলপুখুৰীৰ এটা নামঘৰত সোমবাৰে নিশা দুৰ্বৃত্তই অগ্নিসংযোগ কৰে । দুৰ্বৃত্তই অগ্নিসংযোগ কৰা ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে চেপা উত্তেজনাৰ ।  

এই লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । পুৱাই ঘটনাস্থলীত উপস্থিত হয় মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস প্ৰমুখ্যে কেইবাগৰাকী শীৰ্ষ বিষয়া । তৎকালীনভাৱে নামঘৰটো পুনৰ নিৰ্মাণ কৰাৰ আশ্বাস প্ৰদান জিলা আয়ুক্তগৰাকীয়ে । এই সন্দৰ্ভত মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ লগতে আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস আৰু কুৰোৱা কুজিসত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দ দেৱ গোস্বামীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ইতিমধ্যে মৰিগাঁও আৰক্ষীয়ে ক্ষীপ্ৰ গতিত আৰম্ভ কৰিছে সমগ্ৰ ঘটনাৰ তদন্ত ।

লগতে পঢ়ক:গোলাঘাটত ড্ৰাগছ আসক্ত পুত্ৰই ঘপিয়াই হত্যা কৰিলে পিতৃক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.