শিলচৰত ৰোজগাৰ মেলাত নিযুক্তি পত্ৰ বিতৰণ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 4:37 PM IST

thumbnail

শিলচৰ, 12 ফেব্ৰুৱাৰী : আজি দেশৰ ৪৬ স্থানত ৰোজগাৰ মেলাৰ জৰিয়তে 1 লাখতকৈয়ো অধিক নিযুক্তি-পত্ৰ বিতৰণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে শিলচৰতো অনুষ্ঠিত হয় ৰোজগাৰ মেলা ৷ শিলচৰৰ মাছিপুৰ স্থিত বি এছ এফ কেম্পত আয়োজিত এই ৰোজগাৰ মেলাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷

এই ৰোজগাৰ মেলাত মুঠ 64 গৰাকীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয় ৷ ইয়াৰে ডাক বিভাগত 54 গৰাকী, এন আই টি ত 7 গৰাকী, চি আৰ পি এফত 2 গৰাকী আৰু বি এছ এফত 1 গৰাকী প্ৰাৰ্থীৰ হাতত নিযুক্তি পত্ৰ প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ সমগ্ৰ দেশত আজি ৰোজগাৰ মেলাৰ জৰিয়তে 1 লাখতকৈয়ো অধিক নিযুক্তি-পত্ৰ বিতৰণ কৰা হৈছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলী শুভাৰম্ভ কৰে এই কাৰ্যসূচীৰ ৷

লগতে পঢ়ক : ১ লাখতকৈও অধিক নিযুক্তিপত্ৰ বিতৰণ প্ৰধানমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.