নিৰ্বাচনী ফলাফলৰ দিনা অখিল গগৈয়ে ধোঁৱা-কোঁৱা দেখিব :পীযুষ হাজৰীকা - Lok Sabha elections 2024

By ETV Bharat Assamese Team

Published : Apr 14, 2024, 10:56 PM IST

thumbnail

মাজুলী, ১৪ এপ্ৰিল: আজি পহিলা ব'হাগ অৰ্থাৎ মানুহ বিহু । পহিলা ব'হাগৰ দিনটোত মাজুলীত শাসক-বিৰোধীৰ হাই ভল্টেজ নিৰ্বাচনী প্ৰচাৰ চলিল । গৌৰৱ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে অসমৰ মুখ্যমন্ত্ৰীয়ে নাচিব নাজানে বুলি মন্তব্য় কৰে । অখিল গগৈৰ লগত বিহু নাচিবলৈ যোৰহাট আৰু শিৱসাগৰলৈ আমন্ত্ৰণ জনায় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক । অখিল গগৈয়ে কৰা এই মন্তব্যক উভতি ধৰিলে তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা মন্ত্ৰী পীযুষ হাজৰীকাই ।

মন্ত্ৰী পীযুষ হাজৰীকাই বিধায়ক অখিল গগৈক কটাক্ষ কৰি কয়,"লোকসভা নির্বাচনৰ যিদিনা ফলাফল ওলাব সেইদিনা এইবাৰ অখিল গগৈয়ে ধোঁৱা-কোঁৱা দেখিব নিজৰ সমষ্টিত । নিৰ্বাচনী ফলাফলত শিৱসাগৰ সমষ্টিৰ ৰাইজে আচল বিহু দেখুৱাব অখিল গগৈক । উল্লেখ্য় যে আজি যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত মাজুলীৰ অতি দুৰ্গম অঞ্চলত মন্ত্ৰী পীযুষ হাজৰীকাই তিনিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে । 

লগতে পঢ়ক:আগতে বন্দুকৰ শব্দত বিহু আহিছিল, এতিয়া কুলিৰ শব্দত আহে: মুখ্যমন্ত্ৰী ড৹ শৰ্মা - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.