আগতে বন্দুকৰ শব্দত বিহু আহিছিল, এতিয়া কুলিৰ শব্দত আহে: মুখ্যমন্ত্ৰী ড৹ শৰ্মা - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 10:35 PM IST

thumbnail

বিহপুৰীয়া, 13 এপ্ৰিল: ‘‘বোমা বাৰুদৰ শব্দত বিহু নাহে, বিহু আহে কুলি-কেতেকীৰ মাতত । আগত বিহু আহিছিল বোমা-বাৰুদৰ শব্দত আৰু আমাৰ চৰকাৰ অহাৰ পিচতে পূৰ্বৰ সেই আতংকময় পৰিৱেশ নাই ৷’’ নাৰায়ণপুৰৰ এখন নিৰ্বাচনী সভাত এই মন্তব্য ড৹ হিমন্ত বিশ্ব শৰ্মা  ৷ সমাগত লোক নিৰ্বাচনক লৈ তৎপৰ সকলো ৰাজনৈতিক দল  ৷

নিজ নিজ দলৰ সমৰ্থিত প্ৰাৰ্থীসকলৰ হৈ ৰাজ্যৰ বিভিন্ন স্থানত ৰাজনৈতিক দলসমূহৰ ৰথী-মহাৰথীসকলে চলাইছে প্ৰচাৰ ৷  শোণিতপুৰ সংসদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজি নাৰায়ণপুৰত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা  ৷

মাধৱদেৱ বিশ্ববিদ্যালয়ৰ খেলপথাৰৰ অস্থায়ী হেলিপেডৰ পৰা এক বিশাল ৰেলীৰে নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এখন বিশাল জনসভা সম্বোধন কৰে । হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰা এই নিৰ্বাচনী সভাখনত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে কেবাগৰাকীও হাইপ্ৰফাইল নেতা উপস্থিত থাকে ।

লগতে পঢ়ক: লোকসভা নিৰ্বাচনৰ পিচতে সালসলনি হ’ব মন্ত্ৰীসভাৰ :মুখ্যমন্ত্ৰীৰ ঘোষণা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.