নিজ মাতৃভাষাৰ প্ৰতি সন্মান নাই গৌৰৱ গগৈৰ: পীযুষ হাজৰীকা - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Mar 27, 2024, 5:27 PM IST

thumbnail

যোৰহাট,২৭ মাৰ্চ: যোৰহাটত বৃহৎ শক্তি প্ৰদৰ্শন কৰিলে শাসকীয় দল বিজেপিয়ে । যোৰহাট ষ্টেডিয়াম প্ৰাংগনত উপস্থিত থকা কেইবা সহস্ৰাধিক লোকক উদ্দেশ্যি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ভাষণ আগবঢ়োৱাৰ পিচতে তপন কুমাৰ গগৈয়ে এক সমদল কৰি যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ত ৰিটাৰ্নিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে । আনহাতে মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত সাংবাদিকৰে হোৱা বাৰ্তালাপত মন্ত্ৰী পীয়ুষ হাজৰীকাই কয় যে পিতৃ তৰুণ গগৈ মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে গৌৰৱ গগৈয়ে পেৰাচ্যুটৰ পৰা জঁপিয়াই অসমৰ ৰাজনীতিত প্ৰৱেশ কৰিছিল ।  

কিন্তু তাৰ বিপৰীতে তেওঁ যুৱ কংগ্ৰেছ, NSUI কৰি ৰাজনীতি পথাৰত প্ৰৱেশ কৰা বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । লগতে গৌৰৱ গগৈৰ নিজ মাতৃভাষাৰ প্ৰতি সন্মান নাই বুলি কটাক্ষ কৰি তেওঁ হিন্দী আৰু ইংৰাজীতহে গুৰুত্ব প্ৰদান কৰে বুলি কয় পীযুষ হাজৰীকাই । ইফালে এইবাৰ নিৰ্বাচনত তপন গগৈয়ে যোৰহাট লোকসভা সমষ্টিৰ পৰা প্ৰায় দুই লাখৰো অধিক ভোটত জয়ী হ'ব বুলি দাবী কৰে মন্ত্ৰীগৰাকীয়ে । উল্লেখ্য যে মন্ত্ৰী পীয়ুষ হাজৰীকাই যোৰহাটত বাহৰ পাতি নিৰ্বাচনী প্ৰচাৰৰ সকলো দিশ তদাৰক কৰি থকা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: বিজেপিত যোগদান কৰাৰ 'ছিগনেল' কি ? ক’লে মুখ্যমন্ত্ৰীয়ে - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.