ETV Bharat / politics

বিজেপিত যোগদান কৰাৰ 'ছিগনেল' কি ? ক’লে মুখ্যমন্ত্ৰীয়ে - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Mar 27, 2024, 4:10 PM IST

CM in Jorhat : যিয়ে বেছিকৈ মোদী, বিজেপিক গালি পাৰে তেওঁৱেই দুদিন পিচত বিজেপিত যোগদান কৰে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ ভূপেন বৰা পদুমলৈ আহিবই আৰু হিচাবত মন্ত্ৰী হ’বও পাৰে বুলিও কয় তেওঁ ৷

CM IN JORHAT
যোৰহাটত মুখ্যমন্ত্ৰী

বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ মনোনয়ন দাখিল

যোৰহাট, 27 মাৰ্চ : প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা সন্দৰ্ভত পুনৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ভূপেন বৰা বিজেপিলৈ আহিব বুলি কেইদিনমান পূৰ্বে নিশ্চয়তা প্ৰদান কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদ মাধ্যমৰ আগত কয়- "ভূপেন বৰা পদুমত আহিবই আৰু হিচাবত মন্ত্ৰী হ’বও পাৰে ৷" বুধবাৰে যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ মনোনয়ন দাখিল পৰ্বত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ইফালে 2026 ত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ভূপেন বৰাই কৰা মন্তব্যৰো প্ৰত্যুত্তৰ দিয়ে মুখ্যমন্ত্ৰীজনে ৷ তেওঁ কয়- "একেটা দলতে থাকি মোৰ বিৰুদ্ধে কেনেকৈ নিৰ্বাচন খেলিব, সেইটো সম্ভৱ নহয় ৷ আগতেও বহু নেতাই কৈছিল, কিন্তু তেওঁলোকে বিজেপিতে যোগদান কৰিলে ৷ গতিকে এইটো কথাও লিখি থৈ দিয়ক, মই কোৱাটোৱেই হ’ব ৷" মুখ্যমন্ত্ৰীজনে লগতে কয়- "যিয়ে বেছিকৈ মোদী, বিজেপি আৰু মোক গালি পাৰে তেওঁৱেই দুদিন পিচত বিজেপিত যোগদান কৰে, ছিগনেল এইটোৱেই ৷"

আনহাতে এই ৰেলীত অংশগ্ৰহণ কৰি যোৰহাট লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈ তিনি লাখৰো অধিক ভোটত জয়ী হ’ব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে ৷ লগতে ৰাজ্যৰ 14 টা লোকসভা সমষ্টিৰ 13 টাত বিজেপি মিত্ৰজোঁট জয়ী হ’ব বুলিও কয় তেওঁ ৷

উল্লেখ্য যে, বুধবাৰে মনোনয়ন দাখিল কৰে যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে ৷ মনোনয়ন দাখিলৰ পূৰ্বে যোৰহাট ষ্টেডিয়াম খেলপথাৰত এক বিশাল সভা অনুষ্ঠিত হয় ৷ সভাৰ অন্তত বিশাল শোভাযাত্ৰাৰে মনোনয়ন দাখিল কৰে তপন কুমাৰ গগৈয়ে ৷ এই সভা আৰু বিশাল ৰেলীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক : সদ্য দলত্যাগী প্ৰণৱ বৰুৱাৰ সৈতে কুকুৰৰ সম্পৰ্ক কি- ব্যাখ্যা আগবঢ়ালে তিনিচুকীয়া জিলা কংগ্ৰেছে - Leaders Resigning Congress

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.