কনকলতা অসামৰিক চিকিৎসালয়ৰ সমীপত ভয়াৱহ অগ্নিকাণ্ড

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 9:52 PM IST

thumbnail

তেজপুৰ, ৮ মাৰ্চ : তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ সমীপত আজি নিশা সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা ৷ চিকিৎসালয়খনৰ আৱাসৰ লগতে হৰিজন ক'লনীত এই অগ্নিকাণ্ড সংঘটিত হয় ৷ এই অগ্নিকাণ্ডত কেইবাটাও ঘৰুৱা চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটে  । ইয়াৰ পিচতেই অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপিত কৰিবলৈ চেষ্টা কৰে যদিও বাতৰি লিখাৰ পৰলৈকে জুই নুমুৱাবলৈ সক্ষম হোৱা নাই ৷  

এই আবাসিক এলেকাত এটা ঘৰত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হয় । ইফালে ,মহাশিৱৰাত্রী উপলক্ষে তেজপুৰ চহৰৰ মাজমজিয়াত কেইবাটাও অঞ্চলত পথ বন্ধ কৰি ৰাখিবলগীয়া হয় । অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে স্থানীয় অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন চেষ্টা অব্যাহত ৰাখে যদিও বায়ুসেনাৰ অগ্নিনিৰ্বাপক বাহিনীক অতিৰিক্ত ভাবে মোতায়েন কৰা হয় । শোণিতপুৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ লগতে অতিৰিক্ত আৰক্ষী অধীক্ষক ইয়াৰ পিচতেই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ।

লগতে পঢ়ক:শতায়ু গৰকা শিৱ আৰাধনাস্থলীৰ অলৌকিক কথা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.