বৰক্ষেত্ৰীত বিধ্বংসী অগ্নিকাণ্ড; কেবা লক্ষাধিক টকাৰ সা সম্পত্তি ধ্বংস

By ETV Bharat Assamese Team

Published : Feb 25, 2024, 2:27 PM IST

thumbnail

নলবাৰী, 25 ফেব্ৰুৱাৰী: নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ভাংনামাৰী থানাৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । কাজিমুদ্দিন আৰু ওমৰ আলীৰ ঘৰত সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনাটো । অগ্নিকাণ্ডৰ ফলত কেইবা লক্ষাধিক টকাৰ সা-সমগ্ৰীৰ লগতে প্ৰয়োজনীয় বহু নথি ভস্মীভূত হয় বুলি জানিব পৰা গৈছে ।

স্থানীয় ৰাইজৰ সহযোগত জুই নুমুৱাবলৈ সক্ষম হয় যদিও অগ্নিকাণ্ডৰ ফলত দুয়োটা পৰিয়ালৰ চাৰিটাকৈ ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হয় বুলি জানিব পৰা গৈছে । জুইৰ সূত্ৰপাতৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও ভাত বনাই থকা অৱস্থাত ৰান্ধনী ঘৰৰ পৰা জুইৰ সুত্ৰপাত হোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে ।

অগ্নিকাণ্ডৰ ফলত সৰ্বস্বান্ত হোৱা দুয়োটা পৰিয়াল এতিয়া কান্দোনত ভাঙি পৰিছে । দৰিদ্ৰ পৰিয়াল দুটিৰ বাবে সাহায্য বিচাৰি চৰকাৰলৈ কাতৰ আহ্বান জনাইছে স্থানীয় লোকে ।

লগতে পঢ়ক: ৰঙিয়াত অগ্নিকাণ্ড, অগ্নিদগ্ধ শতায়ু গৰকা বৃদ্ধা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.