ৰঙিয়াত অগ্নিকাণ্ড, অগ্নিদগ্ধ শতায়ু গৰকা বৃদ্ধা - ৰঙিয়াত অগ্নিকাণ্ড

🎬 Watch Now: Feature Video

thumbnail
ৰঙিয়াত অগ্নিকাণ্ড, অগ্নিদগ্ধ শতায়ু গৰকা বৃদ্ধা (undefined)

By ETV Bharat Assamese Team

Published : February 20, 2024 at 1:00 PM IST

1 Min Read
Choose ETV Bharat

ৰঙিয়া, ২০ ফেব্ৰুৱাৰী: ৰঙিয়াত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড । শ্মশান কালী মন্দিৰৰ সমীপৰ বলোৰাম বনিয়াৰ গৃহত সংঘটিত হয় এই অগ্নিকাণ্ড । পুৱতি নিশা দাউ দাউকৈ জ্বলি উঠিল দুটাকৈ গৃহ । ঘৰৰ ভিতৰতে আৱদ্ধ হৈ পৰে শিশু, বৃদ্ধাসহ তিনিজন । মূহুৰ্ততে জুইৰ লেলিহান শিখাই আৱৰি ধৰে চৌদিশ । ঘৰৰ দৰ্জা ভাঙি শিশুটিক উদ্ধাৰ কৰিবলৈ সংক্ষম হয় যদিও অগ্নিদগ্ধ হয় শতায়ু গৰকা বৃদ্ধাগৰাকী । পিছত ঘৰটোৰ ভিতৰৰ পৰা কোনোমতে মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰে দিম্বেশ্বৰী বনিয়া নামৰ বৃদ্ধাগৰাকীক । লগে লগে গুৰুতৰভাৱে আহত বৃদ্ধাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ বাবে ১০৮ এম্বুলেঞ্চক খবৰ দিয়ে যদিও কোনো সহাৰি নোপোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ।  

উপায়বিহীন হৈ মৃত্যু যন্ত্ৰণাত চটফটাই থকা বৃদ্ধাগৰাকীক এখন মালবাহী চাৰিচকীয়া বাহনেৰে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰায় যদিও সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হস্পিতললৈ প্ৰেৰণ কৰে । পৰৱৰ্তী সময়ত অগ্নি নিৰ্বাপক বাহিনীয়ে কোনোমতে জুই নিৰ্বাপন কৰে । জানিব পৰামতে নিশাৰভাগত ঘৰৰ ভিতৰত মম জ্বলাই ৰাখিছিল । মমৰ শিখাৰ পৰা জুই সূত্ৰপাত হোৱাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকসকলে ।  

লগতে পঢ়ক: অভয়াপুৰীত অগ্নিকাণ্ডত বিনষ্ট দুই লক্ষাধিক টকাৰ সম্পত্তি

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details