শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়াৰ অধিৱেশনৰ অন‍্যতম আকৰ্ষণ চক্ৰবেহু

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 3:25 PM IST

thumbnail

ৰঙিয়া, 8 ফেব্ৰুৱাৰী: ৯৩ তম্ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়াৰ অধিৱেশনৰ অন্যতম আকৰ্ষণৰ বিষয়বস্তু হৈছে চক্ৰবেহু । অধিৱেশনস্থলীৰ কাষতে থকা বাণিজ্য মেলাৰ মাজতে বনোৱা হৈছে চক্ৰবেহু । বাহঁ-বেতেৰে বনোৱা চক্ৰবেহুৱে ভকতসকলক এতিয়াৰ পৰাই আকৰ্ষণ কৰিছে, কাৰণ বেহুৰ ভিতৰত প্ৰৱেশ কৰা লোকসকলে কমেও বিশমিনিট সময় বাট হেৰুৱাবলগীয়া হৈছে ।

দেখাত অতি সাধাৰণ বেহুটো ইমানেই নিপুণভাৱে সজোৱা হৈছে যে ভিতৰত সোমোৱা লোকসকলে বহু দেৰিলৈকে বাট বিচাৰি থাকিবলৈ বাধ্য হৈছে । বহুলোকে বেহুৰ বাহিৰতেই ৰৈ প্ৰত্যক্ষ কৰিছে কেনেদৰে বেহু ভেদ কৰিব পাৰি ।

বাহিৰৰ পৰা চাই গমি-পিটি ভিতৰত সোমালেও প্ৰত্যেকগৰাকী লোকেই বেহুৰ ভিতৰত বাট হেৰুৱাইছে । ইফালে ভক্তপ্ৰাণ ৰাইজে বাঁহেৰে বনোৱা চক্ৰবেহুক মহাভাৰতৰ বেহুৰ লগতো তুলনা কৰিছে । এটা কথা নিশ্চিতভাৱে ক’ব পাৰি যে অধিৱেশনৰ দিনকেইটাত চক্ৰবেহুৱে ভক্তপ্ৰাণ ৰাইজক আকৰ্ষিত কৰিব ।

লগতে পঢ়ক: ২৫ লাখ ভক্তৰে ৯ ফেব্ৰুৱাৰীৰ পৰা দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হ’ব ৰঙিয়াৰ হাতীখলা পথাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.