ETV Bharat / state

২৫ লাখ ভক্তৰে ৯ ফেব্ৰুৱাৰীৰ পৰা দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হ’ব ৰঙিয়াৰ হাতীখলা পথাৰ

author img

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 3:57 PM IST

Preparations for the 93rd session of Shankardev Sangha at rangia
প্ৰস্তুতি সম্পূর্ণ

৭০০ বিঘা ভূমিক সামৰি শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশনৰ প্ৰস্তুতি সম্পূর্ণ হৈ উঠিছে । ৩০৮ টা চৌকাৰে সাজু ৰান্ধনীশাল, থাকিব ১১০ টা শিবিৰ, একেলগে আহাৰ গ্ৰহণ কৰিব ১০ হাজাৰ ভক্তই ।

প্ৰস্তুতি সম্পূর্ণ

ৰঙিয়া, 3 ফেব্ৰুৱাৰী : ৰঙিয়াৰ হাতীখলা পথাৰৰ প্ৰায় সাতশ বিঘা ভূমিক সামৰি ৯ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া অধিৱেশন । ইতিমধ্যে প্ৰায় ২৫ লাখ ভক্ত-প্ৰতিনিধিক আদৰিবলৈ সাজু হৈ উঠিছে আয়োজক সমিতি । ২৫ লক্ষাধিক ভক্তৰ সমাগমেৰে ৯ ফেব্ৰুৱাৰীৰ পৰা ১১ ফেব্ৰুৱাৰীলে দ্বিতীয় বৈকুন্ঠপুৰীত পৰিণত হ’ব ৰঙিয়াৰ হাতীখলা পথাৰ । ভক্ত-প্ৰতিনিধিসকলক ৰাখিবলৈ সাজু কৰি তুলিছে মুঠ ১১০ টা শিবিৰ । গঢ়ি তুলিছে বৃহৎ আকাৰৰ ভোজনালয়, য’ত একেলগে আহাৰ গ্ৰহণ কৰিব পাৰিব দহ হাজাৰ ভক্তই । ৰান্ধনীশালত থাকিব ৩০৮ টা চৌকা ।

অধিৱেশনৰ দিন চমু চাপি অহাৰ লগে লগে ব্যস্ততা বাঢ়িছে ভকত-বৈষ্ণৱৰ মাজত । ৩৫ খন উপ-সমিতিৰে গঠন কৰি ভাগ কৰি দিয়া হৈছে নিজ নিজ দায়িত্ব । আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে ভোজনালয়ো । ইতিমধ্যে ভোজনালয়ত ৩০৮ টা চৌকা সাজু কৰি তোলা হৈছে । এবাৰতে তিনিশ ৰান্ধনীয়ে প্ৰস্তুত কৰিব পাৰিব অন্ন । তাৰ সমান্তৰালকৈ ভোজনালয়ত একেলগে বহি এবাৰতে দহ হেজাৰ ভকত-বৈষ্ণৱে গ্ৰহণ কৰিব পাৰিব অন্ন । ইতিমধ্যে নামঘৰ, মূল সাংস্কৃতিক মঞ্চ ইত্যাদিৰ নির্মাণ প্ৰায় সম্পূর্ণ হৈছে ।

অধিৱেশনৰ দিন যিমানেই ওচৰ চাপি আহিছে সিমানেই ৰঙিয়াৰ মৰাণজানা হাতীখলা পথাৰত বিৰাজ কৰিছে উখল-মাখল পৰিৱেশ । অহা ৯, ১০ আৰু ১১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া অধিবেশনত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া ভকত-বৈষ্ণৱক আদৰিবলৈ সাজু ৰঙিয়াবাসী । দিন-ৰাতি একাকাৰ কৰি এনেদৰে শ্ৰমদানত নামি পৰিছে সকলো । অসমৰ বিভিন্ন ঠাইৰ পৰা আহিবলগীয়া জিলাসমূহৰ প্ৰতিনিধি শিবিৰসমূহ শাৰীকৈ নিৰ্মাণ কৰা হৈছে যিয়ে নান্দনিক পৰিৱেশৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক : ৰঙিয়াৰ হাতীখলাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনস্থলীত গুৰু আসন প্ৰতিষ্ঠা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.