ৰঙিয়াৰ হাতীখলাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনস্থলীত গুৰু আসন প্ৰতিষ্ঠা

By ETV Bharat Assamese Team

Published : Jan 27, 2024, 10:35 PM IST

thumbnail

ৰঙিয়া, 27 জানুৱাৰী : শনিবাৰে ৰঙিয়াৰ হাতীখলাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনস্থলীত গুৰু আসন প্ৰতিষ্ঠা কৰা হয় । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই প্ৰতিষ্ঠা কৰে গুৰু আসনখনি । গুৰু আসন প্ৰতিষ্ঠাৰ উদ্দেশ্যে অধিৱেশনস্থলীত নাম প্ৰসংগৰ আয়োজন কৰা হয় । উক্ত অনুষ্ঠানলৈ বহু ভক্তপ্ৰাণ ৰাইজৰ সমাগম হয় ৷ নাম প্ৰসংগত ভকতসকলে অংশগ্ৰহণ কৰে আৰু ভক্তপ্ৰাণ ৰাইজে আশীৰ্বাদ গ্ৰহণ কৰে ।

উল্লেখ্য যে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আগন্তুক ৯৩ সংখ্যক অধিৱেশনলৈ মাজত আৰু মাত্ৰ কেইটামান দিন বাকী । ইতিমধ্যে আদৰণি সমিতিয়ে প্ৰায় 80% কাম সম্পন্ন কৰিছে বুলি জানিবলৈ দিছে আয়োজকে । শনিবাৰে পুৱাৰ ভাগত গুৰু আসনখনি অস্থায়ী নামঘৰত প্ৰতিষ্ঠা কৰা হয় ।

লগতে পঢ়ক : ভক্তৰ সমাৱেশেৰে উদুলি-মুদুলি ঐতিহ্যমণ্ডিত গৰখীয়া গোপাল মাৰলি থান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.