ভক্তৰ সমাৱেশেৰে উদুলি-মুদুলি ঐতিহ্যমণ্ডিত গৰখীয়া গোপাল মাৰলি থান

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 3:28 PM IST

thumbnail

ৰঙিয়া, 26 জানুৱাৰী : ভক্তৰ সমাৱেশেৰে উদুলি-মুদুলি হৈছে ৰঙিয়াৰ তুলসীবাৰী । ৰঙিয়াৰ ঐতিহ্যমণ্ডিত গৰখীয়া গোপাল মাৰলি থানৰ প্ৰাণ প্ৰতিষ্ঠাৰ 40 সংখ্যক বাৰ্ষিক উৎসৱ উপলক্ষে শুকুৰবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অঞ্চলটোলৈ ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটিছে । এইবেলি 40 সংখ্যক প্ৰাণ প্ৰতিষ্ঠা দিৱস উপলক্ষে তিনিদিনীয়াকৈ আয়োজন কৰা অনুষ্ঠানত ধৰ্মীয় শোভাযাত্ৰা , নাগাৰা নামৰ কাৰ্যসূচী আৰু সমূহীয়া ভোগ গ্ৰহণ কাৰ্যসূচী ৷ এই অনুষ্ঠানসমূহত স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিছেহি ধৰ্মপ্ৰাণ ৰাইজে । 

100 টাকৈ চৌকা আৰু 300 গৰাকী ৰন্ধন কৰ্মীয়ে প্ৰস্তুত কৰা ভোগ গ্ৰহণ কৰাৰ বাবে ব্যাপক সমাগম ঘটে ভক্তসকলৰ । লোক বিশ্বাস অনুসৰি থানখনত কোনো লোকে পবিত্ৰ অন্তৰেৰে চাকি বন্তি জ্বলাই ভোগ প্ৰদান কৰিলে মনোকামনা পূৰ্ণ হয় ৷ ভক্তপ্ৰাণ ৰাইজে স্বেচ্ছাই আগবঢ়োৱা দান বৰঙণি তথা স্থানীয় ৰাইজৰ শ্ৰমদানেৰে আয়োজন কৰা মহোৎসৱটিক লৈ অঞ্চলজুৰি উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে, এই থানখন দীৰ্ঘদিন ধৰি ভক্তসকলৰ আস্থাৰ স্থল হিচাপে পৰিগণিত হৈ আহিছে । 1984 চনত হোৱা বানপানীৰ পিচত দুৰ্ভিক্ষ নিবাৰণৰ বাবে ৰাইজে সমূহীয়াকৈ প্ৰাৰ্থনা জনাইছিল এই থানখনত । তাৰ পিচৰেপৰাই পথাৰৰ পৰা চৰহা পোকৰ লগতে আন অপায়-অমংগল আতৰি ৰাইজক ৰক্ষা কৰা হৈছিল বুলি লোকবিশ্বাস আছে ৷ তেতিয়াই ৰাইজে এই স্থানত মন্দিৰ স্থাপন কৰিছিল আৰু তেতিয়াৰ পৰাই প্ৰতি বছৰে 26 জানুৱাৰীৰ দিনাখন অঞ্চলটোৰ লক্ষাধিক ভক্তই অতি নিষ্ঠাৰে প্ৰাণ প্ৰতিষ্ঠাৰ উৎসৱ পালন কৰি আহিছে ।

লগতে পঢ়ক: ঐতিহাসিক হাবুঙত মে-ডাম-মে-ফি প্ৰস্তুতি তুংগত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.