লখিমপুৰত ষ্ট্ৰং ৰূমত আৱদ্ধ হৈ আছে ৯ জন প্ৰাৰ্থীৰ ভাগ্য - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 20, 2024, 6:21 PM IST

thumbnail
()

লখিমপুৰ, 20 এপ্ৰিল : শুকুৰবাৰে সম্পন্ন হ’ল লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ লখিমপুৰ লোকসভা সমষ্টিতো সামগ্ৰিকভাৱে শান্তিপূর্ণভাৱে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সমাপ্ত হয় ৷ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হোৱা পাঁচটা সমষ্টিৰ অন্যতম 12 নং লখিমপুৰ লোকসভা সমষ্টিৰ ই ভি এমসমূহ ৰখা হৈছে নগৰ এলেকাৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত স্থাপন কৰা ষ্ট্ৰং ৰূমত ৷  

নিৰাপত্তাৰক্ষী, আৰক্ষীৰ বিশেষ শাখা আদিৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আছে ষ্ট্ৰংৰূম ৷ এই ষ্ট্ৰংৰূমতে আৱদ্ধ হৈ আছে সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা 9 জনকৈ প্ৰাৰ্থীৰ ভাগ্য ৷ 15 লক্ষাধিক ভোটাৰৰ 72.75 শতাংশই এইবাৰ নিৰ্বাচনত ভোটদান কৰে ৷ এইসকল ভোটাৰে সমষ্টিটোৰ প্ৰতিদ্বন্দ্বী কোনজন প্ৰাৰ্থীৰ শিৰত আশীৰ্বাদৰ হাত থলে সেয়া 4 জুনত স্পষ্ট হৈ পৰিব ৷ 4 জুনত হ’বলগীয়া ভোট গণনাত স্পষ্ট হ’ব লখিমপুৰ লোকসভা সমষ্টিত কোনে বিজয়মাল্য ধাৰণ কৰিব ৷ 

লগতে পঢ়ক : কিহৰ ক্ষোভ বিহালী সমষ্টিবাসীৰ মনত; ভোটদানৰ হাৰ ৫৮% - LOK SABHA ELECTION 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.