বৰডুমচা থানাৰ সন্মুখত মাদক দ্ৰব্যৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 10:36 PM IST

thumbnail

তিনিচুকীয়া, ১২ ফেব্ৰুৱাৰী: তিনিচুকীয়া জিলাৰ বৰডুমচাত সোমবাৰে মাদক দ্ৰব্যৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ মাদক দ্ৰব্য যেনে সুৰা, কানি আৰু ব্ৰাউন ছুগাৰ আদিৰ বিৰুদ্ধে শতাধিক স্থানীয় পুৰুষ মহিলাই এক বিশাল সমদল বাহিৰ কৰে ৷

বৰডুমচাৰ একাংশ সমাজ সচেতন মহিলাই আৰক্ষীৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰে ৷ প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে’ কাৰ্ড লৈ, বিভিন্ন শ্লোগান দি বৰডুমচাৰ থানাৰ দিশে আগবাঢ়ে ৷ প্ৰতিবাদকাৰীসকলে থানা ঘেৰাও কৰি বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কিৰণ দিহিঙীয়াৰ যোগেৰে জিলা আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

প্ৰতিবাদকাৰীসকলে কয় যে, বৰ্তমান মাদক দ্ৰব্যৰ কবলত পৰি পথভ্ৰষ্ট হৈ পৰিছে যুৱ সমাজ ৷ এই প্ৰতিবাদী কাৰ্যসূচীত অসমীয়া যুৱ মঞ্চ বৰডুমচা পেঙেৰী আঞ্চলিক সমিতি, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বৰডুমচা আঞ্চলিক সমিতি, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বৰডুমচা আঞ্চলিক সমিতিয়েও অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক: অমৃত কালৰ সন্তানৰ বাবে অমৃত কালৰ আইকনিক প্ৰজেক্ট আছে বাজেটত : মুখ্যমন্ত্রী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.