কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ বাবে বাংশীবাদন মন্দিৰত পূজা-অৰ্চনা ৰাইজৰ - Kaziranga National Park

By ETV Bharat Assamese Team

Published : Mar 25, 2024, 10:20 PM IST

thumbnail

কাজিৰঙা, 25 মাৰ্চ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ বাবে স্থানীয় লোকৰ ব্যতিক্ৰমী পদক্ষেপ ৷ সোমবাৰে ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তুৰ সুৰক্ষাৰ বাবে কাজিৰঙাৰ বাংশীবাদন মন্দিৰত পূজা-অৰ্চনা কৰে স্থানীয় লোকে ৷ ইয়াৰোপৰি দিনজোৰা কাৰ্যসূচীৰে সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত বাংশীবাদন মন্দিৰত দৌল উৎসৱো অনুষ্ঠিত কৰা হয় ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা ম’হপৰা অঞ্চলতে ১৯৪৬ চনত স্থাপন কৰা হৈছিল বাংশীবাদন মন্দিৰ ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া কেইবাখনো গাঁৱৰ ৰাইজৰ সহযোগত সমূহীয়াকৈ আয়োজন কৰা এই ধৰ্মীয় অনুষ্ঠানৰ লগতে দৌল উত্‍সৱত জাতি-বৰ্ণ ধৰ্ম নিৰ্বিশেষে বহুতো লোকে অংশগ্ৰহণ কৰে । এই উত্‍সৱ উপলক্ষে মন্দিৰত নাম-কীৰ্তন আৰু ভাওনাৰ আয়োজন কৰা হয় । 

এই মন্দিৰত পৰম্পৰাগতভাৱে পালন কৰা দৌল উত্‍সৱত শ্ৰীকৃষ্ণৰ মূৰ্তিক ন-ৰূপত প্ৰতিষ্ঠা কৰি পূজা-অৰ্চনা কৰা হয় । তাৰ পিচত সেৱকীসকলে মন্দিৰত শৰাই আগবঢ়াই সকলোৰে কুশল-মংগল কামনা কৰে।

লগতে পঢ়ক: বন্যপ্ৰাণীৰ সুৰক্ষাৰ কামনাৰে কাজিৰঙাত অবিৰত ভাগৱত পাঠ - Kaziranga National Park

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.